সমললৈ যাওক

পৃষ্ঠা:লৰাৰ নিজা পুথি.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বতাহ লাগিলে চাকি নুমাই যায়, ইয়াকে দেখি ভাবিব পৰা যে, জুইৰ পক্ষে বতাহ অহিত- কাৰী। কিন্তু বাস্তৱতে সি নহয়। রতাহ নহলে জুইও নজ্বলে । লগোৱা চাকি এটা, টেকেলিৰ ভিতৰত সোমাই যদি তাৰ মুখখন বন্ধকৈ দিয়া, তেন্তে অলপ পলমে চাকিৰ জুই নুমাই যাব । টেকেলিত বায়ু নোহোৱাই জুই নুমুৱাৰ কাৰণ বুলি জানিবা । আমি উশাহেৰে বাহিৰৰ বিশুদ্ধ বায়ু ভিত- ৰলৈ নিওঁ, সেই বায়ুৱে ভিতৰৰ মলিবোৰ ধুই নিশাহেৰে বাহিৰলৈ উলিয়াই দিয়ে। এই কাৰ্য্যৰ পৰা আমাৰ তেজ নিকা হয় আৰু আমাক ভালে ৰাখে । আমি উশাহেৰে দুৰ্গন্ধ বায়ু ললে আমাৰ তেজ নিকা নহৈ আৰু বেচিকৈ দূষিত হে হয় । সুতাং তেতিয়৷ আমাৰ নানাৰকম নৰীয়া হবৰ সম্ভব। এই নিমিত্তে যাতে সদাই ভাল বায়ু পোৱা যায়, তালৈ দৃষ্টি ৰখা উচিত। বতাহৰ বেগ প্ৰবল হলে ধুমুহা হয়। ধুমুহা বতাহত ডাঙ্গৰ ডাঙ্গৰ গছে৷ উভলি পৰে৷ আমি তেতিয়াহে বতাহৰ ক্ষমতা বুজিব পাৰে। জহৰ