সমললৈ যাওক

পৃষ্ঠা:লৰাৰ নিজা পুথি.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 5 ] আমি জোনটো যেনে মিহি আৰু উজ্জ্বল দেখোঁ, স্বৰূপতে সি তেনে নহয়। তাতো হেনো ওখ পৰ্ব্বত আৰু দজুৰি আছে। জোনে বেলিৰ পোহ- ৰত উজ্জ্বল হৈ জোনাক দিয়ে, নিজে পোহৰ কৰিব নোৱাৰে ৷ তুমি ৰ'দত আৰ্চি এখন ধৰি, সেই পোহৰটো কোনো ছা ঠাইলৈ নিলেই এই কথাটি বুজিব পাৰিবা ৷ জোনটোৰ মাজত যিবোৰ কলা- চিন আছে, তাক “কলঙ্ক” বা “মৃগ-চিহ্ন” বোলে । সেই চিনবোৰ আন একো নহয়, দগুহা বিলাকত বেলিৰ পোহৰ সোমাব নোৱৰাত তেনে এন্ধাৰহৈ থাকে ৷ জোনে ২৮ দিনত পৃথিবীৰ চাৰিওফালে এবাৰ ঘূৰে ৷ ইয়াৰ গতিৰ পৰা পোন্ধৰ তিথি গণা হয়। জোনটো বহু ওপৰত থকাৰ নিমিত্তে আমি সৰু যেন দেখোঁ ; কিন্তু দৰাচলে সিও পৃথি- বীৰ নিচিনা এটা প্ৰকাণ্ড বস্তু । ইয়াৰ চন্দ্ৰ, সুধাংশু সুধাকৰ, নিশানাথ, কুমুদ-বান্ধৱ আদি আৰু কেটা- মান নাম আছে । বেলি । বেলি তেজোময় ঘূৰণীয়া বস্তু। চৈধ্য লক্ষ