[ ] নথকাই কোনেও তাঁহাতক আদৰ নকৰে, আকৌ বকুলফুল তেনে সুন্দৰ নহলেও সুগন্ধ থকাৰ নিমি- ত্তেই মানুহে মালা গাঁথি মূৰত লয় ৷ প্ৰিয় লৰাবিলাক ! মানুহৰ অৱস্থাও এনে কুৱাই । বিদ্যা-বুদ্ধি নোহোৱা মানুহ বৰ ৰূপৱন্ত হলেও তাক কোনেও আদৰ নকৰে ; কিন্তু যাৰ বিদ্যাবুদ্ধি আছে, তেওঁ কুৰূপ হলেও সকলোৰে আদৰৰ পাত্ৰ হয়। ফুলিথকা গোলাপটি ছিঙি আনিলে, নাইবা (গছতে) বতাহত ধেমালি কৰিবলৈ দিলে, দুই এদিনতে তাৰ সকলো সৌন্দর্য্য নষ্ট হৈ যায়। কিন্তু অলপ মেহনত কৰি যদি তাৰপৰা “গোলাপ জল” “গোলাপী আতব” উলিওৱা যায়, * তেন্তে
- এটা কলহত পানী আৰু সৰহকৈ গোলাপৰ পাহি ভৰাই
তাৰ মুখখন এনেকৈ বন্ধ কৰিবা, যেন তাৰ তলত জাল দিলে ভিতৰৰ ধোঁৱা বাহিৰ হব নোৱাৰে। পাচে কলহটোত এটা ফুটা কৰি, তাত এডাল নলৰ এমূৰ লগাই, আনমূৰটো ঠিক তেনে কলহ এটাৰ ফুটা এটাত লগাই থবা। এতিয়া প্ৰথম কলহটোৰ তলত জ্বাল দিলে তাৰ এটাইবোৰ পানী ধোৱাহৈ সেই নলেৰে আন কলহটোত গৈ ডাঠমাৰি পানী হব। এই পানীক “গোলাপ জল” আৰু তাত ওপঙ্গি থকা তেলৰ নিচিনা বস্তুবিলাকক “গোলাপী আতৰ” বোলে।