সমললৈ যাওক

পৃষ্ঠা:লৰাকবিতা.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৪)

সমাজ-চানেকি তেওঁ পৃথিবী ভূষণ,
মৰিও অমৰ হই থাকিব স্মৰণ।

স্বদেশ বিদেশ সকলোতে মহা সুখী,
এতেকে স্বভাৱ গঢ়াঁ তেনে সাধু দেখি।
কৰিব পাৰিলে সজ তোমাৰো স্বভাৱ,
পৃথিবীত একোটোৰে নেথাকে অভাৱ।

শ্ৰম।

শ্ৰম নকৰিলে,  সুখী কোন কালে,
 সংসাৰত কোন হয়?
নিতে শ্ৰম যাৰ,  সুখ হয় তাৰ
 বুলি সকলোৱে কয়।
জানিবাঁ শ্ৰমেৰে,  সুখ ভোগ কৰে,
 নেজানে কি কথা দুখ;
দৰিদ্ৰতা কেনে,  তাকো সি নেজানে,
 থাকে মাথোঁ পাই সুখ।
শৰীৰ সদায়,  ভালেৰে নিয়ায়,
 নহয় অকণো ৰোগ;
এতেকতে তুমি,  হবা পৰিশ্ৰমী,
 পোৱা যাতে সুখ ভোগ।