এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৪)
সমাজ-চানেকি তেওঁ পৃথিবী ভূষণ,
মৰিও অমৰ হই থাকিব স্মৰণ।
স্বদেশ বিদেশ সকলোতে মহা সুখী,
এতেকে স্বভাৱ গঢ়াঁ তেনে সাধু দেখি।
কৰিব পাৰিলে সজ তোমাৰো স্বভাৱ,
পৃথিবীত একোটোৰে নেথাকে অভাৱ।
⸻
শ্ৰম।
শ্ৰম নকৰিলে, সুখী কোন কালে,
সংসাৰত কোন হয়?
নিতে শ্ৰম যাৰ, সুখ হয় তাৰ
বুলি সকলোৱে কয়।
জানিবাঁ শ্ৰমেৰে, সুখ ভোগ কৰে,
নেজানে কি কথা দুখ;
দৰিদ্ৰতা কেনে, তাকো সি নেজানে,
থাকে মাথোঁ পাই সুখ।
শৰীৰ সদায়, ভালেৰে নিয়ায়,
নহয় অকণো ৰোগ;
এতেকতে তুমি, হবা পৰিশ্ৰমী,
পোৱা যাতে সুখ ভোগ।