পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

কলাবিধক কি বুলি কোৱা হ’ব। পৰিতাপৰ কথা অনিচ্ছুক প্ৰশাসন, অনিচ্ছুক চৰকাৰ, অনিচ্ছুক সাংস্কৃতিক বিভাগৰ পৰিক্ৰমা যুগে যুগে অৱহেলিত লোককলা ওজাপালী, কৃষ্টিৰ, জয় ঢাক বজোৱা বৰমূৰীয়া সকলে উত্তৰ দিবলৈ উত্তৰ নেপাব। প্ৰাগ ঐতিহাসিক যুগৰ লোককলা ওজাপালীৰ কোনজন শিল্পী ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছে। বিভিন্ন শিল্পীৰ নামত শিল্পী বঁটা প্ৰদান কৰা হয়। তেনে কোনো ধৰণৰ বঁটা এই শিল্পী সকলে পাবলৈ সক্ষম হোৱা নাই। এই শিল্পী সকলক উদ্‌গনি দিয়াতো দেশীয় চৰকাৰে উদ্যোগ কিয় গ্ৰহণ নকৰে। যাৰ ফলত নতুন চাম শিল্পী দিনে দিনে হতাশাত ভূগিছে। যাৰ বাবে নামনি অসমত আজি পাঁচ বছৰে এটা ওজাপালী দলৰ জন্ম হোৱা নাই৷ প্ৰতিভা থাকিয়ো, যোজ্ঞতা থাকিয়ো শিল্পী সকলে স্বীকৃতি লাভ নকৰি অনাকাংক্ষিক মৃত্যুৰ গৰাহত পৰে। সচেতন ব্যক্তি, সচেতন সমাজে যদি এই শিল্পী সকলক শিল্পী হিচাবে স্বীকৃতিৰ ব্যৱস্থা নকৰে। চৰকাৰে যদি এই চাম শিল্পীক তুলনামূলকভাবে যোগ্যতাৰ ভিত্তিত বঁটা আদিৰে উৎসাহ নিদিয়ে এদিন কলাবিধ জনমানসৰ পৰা ক্ৰমে হেৰাই যাব। পূজাৰ বেদীৰ দেৱ-দেৱীৰ বন্দনা অনুষ্ঠান বিলুপ্ত হ’ব। তাৰ ঠাইত হিন্দী গীতৰ নৃত্যৰে ভৰি পৰিব। শেষ হৈ যাব যুগে যুগে পূজাৰ বেদীত প্ৰৱাহিত থলুৱা সংস্কৃতিৰ হিয়াৰ আমঠু ওজাপালী নৃত্য।

—সমাপ্ত—

৭৯