পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

তাতপৰ্য্য বুজি গৌৰৱান্বিত হোৱা উচিত। এই কলা সাধাৰণ নহয় ইয়াৰ মাহাত্ম্য বিশ্লেষণ অতি কঠিন বিষয়। আমি এইবিধ কলাৰ লগত জড়িত শিল্পী সকল মাৰবান্ধি থিয় হ’ব লাগিব। ঐক্যবদ্ধ শক্তিৰে চৰকাৰৰ মুখামুখি হ’বলৈ আগবাঢ়ি আহিব লাগিব। অন্যথা এই লোককলা ওজাপালী সমাজৰ মাজৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে। যিবিলাক ব্যক্তিৰ তিলমানো কলা-কৃষ্টিৰ প্ৰতি অনুকম্পা আছে, যিসকলে লোক কলাক সামাজিক জীৱনৰ অঙ্গ বুলি ভাবে তেনে ব্যক্তি সকলৰ কৰণীয় নিৰ্বোধ শিল্পী সকলক হাতত ধৰি পোহৰলৈ আগুৱাই দিয়ক। ব্যক্তি বিশেষৰ যত্নত হয়তো শিল্পী সকলে প্ৰাণ পাব। জীয়াই থাকিব প্ৰাগ ঐতিহাসিক যুগৰ কলা শ্ৰেষ্ঠ ওজাপালী।

 ওজাপালী অবিহনে এখন পূজাৰ সৌস্তৱ আন একোৰে দ্বাৰা পূৰণ নহ’ব। সেয়েহে সমাজ থকালৈ কৃষ্টি থাকিব, কৃষ্টি থকালৈ ন্যায়- অন্যায়, সঁচা-মিছাৰ বিচাৰ থাকিব। সমাজখনক এটা নতুন পথৰ সন্ধান ধৰ্মীয় অনুভূতিৰ মাজেৰে কেৱললোককলা সমূহে চিৰকাল দাঙি ধৰি আহিছে। যাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। ইতিহাসবিহীন, শ্ৰেণীবিহীন, মঞ্চবিহীন লোক কলাৰ দুৰ্ভাগ্য৷ কিয়নো এই শিল্পী সকলে জীৱনৰ শেষ সময়লৈকে কেৱল সংস্কৃতিৰ নামত নিজক বিলাই দিছে। কিন্তু ইয়াৰ কোনো শিল্পী কোনো ধৰণৰ বটা পাবলৈ সক্ষম হোৱা নাই৷ ভদ্ৰ সমাজখনৰ লগত এই সকল শিল্পীক চিনাকী কৰি দিয়াৰ প্ৰয়োজন কোনোৱে অনুভৱ নকৰিলে। শাস্ত্ৰীয় সঙ্গীতৰ গণ্ডিৰ ভিতৰতো এইসকল

শিল্পীক ধৰা নহয়। অথচ শাস্ত্ৰৰ মাধ্যমত গীত-নৃত্য পৰিৱেশন কৰা এই

৭৮