পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰা লিখকে নিজে অহোপুৰুষাৰ্থ কৰিয়ো শিল্পী সকলক এক গোট কৰিব নোৱাৰিলো। লিখকৰ লোক কলাৰ সাঙী নামৰ গ্ৰন্থখনত বহুলভাবে তথ্যভিত্তিক প্ৰমাণ সমূহ দাঙি ধৰা হৈছে। প্ৰায় ত্ৰিশ বছৰ কাল বিভিন্ন ধৰণে চিন্তা কৰিয়ো সফল হ’ব পৰা নাই।

 কাৰণ সমূহ :

১। শিক্ষাৰ অভাৱ
২। বিশ্বাসহীনতা
৩। সময়ৰ অভাৱৰ উজুহাত
৪। সুশৃংঙ্খল জীৱন ভাল নোপোৱা
৫। অৰ্থৰ অভাৱ
৬। নিজে সংশোধন নোহোৱা
৭। নীতি আদৰ্শ নমনা

 এই কাৰণবোৰৰ বাবে শিল্পী সকল চিৰকালে একোটা স্তৰতে ৰৈ থাকিব লগা হৈছে।

 ওজাপালীৰ কাহিনীবোৰে যেতিয়া নাট্য ৰূপত প্ৰকাশ হৈছে, বিভিন্ন থিয়েটাৰৰ মঞ্চত অভিনয় হৈছে, তেনে অৱস্থাতো ওজাপালীৰ কোনো ধৰণৰ নতুনত্ব নোহোৱাতো বৰ পৰিতাপৰ কথা।

 যি সময়ত ওজাপালী, পাঠ্যপুথিৰ অঙ্গ হিচাপে পৰিগণিত হৈছে তেনে সময়তো ওজাপালী দল, শিল্পী সকলে যেন অনুভৱ কৰিব পৰা

নাই। ওজাপালী যেন এটা ধেমালী, কেইটামান পইচাৰ বিনিময়ত সমাজক হহুৱাবলৈ যোৱা এটা উপাৰ্জনৰ ৰাস্তা। এই ধাৰণা ত্যাগ কৰি ওজাপালীৰ

৭৭