পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

উদাহৰণ স্বৰূপে যদিহে তিৰোতা সমাজ বেছি দেখা যায় সাধাৰণতে তেনে সমাজত

লক্ষীন্দাৰৰ কইনা চোৱা
মেৰ কামানি
বাহি বিয়া

 এনেকুৱা পদ নাৰী সমাজে সহজে বুজি পায় আৰু এইবোৰ কাহিনীৰ মাজত নাৰী সমাজৰ বাবে যথেষ্ট শিকিবলগীয়া কথা আছে। তাৰ উপৰি সমাজত থকা ব্যক্তি সকলক বিশেষকৈ ডাইনাপালীজনে বেছি গুৰুত্ব দিব লাগিব। সমাজখনে কি বিচাৰিছে, কেনে ধৰণৰ কথা বা কাহিনী সমাজৰ মনোগ্ৰাহী হ’ব সেই কথাৰ ওপৰত ভিত্তি কৰিহে পদ বা ভাঙনি উপস্থাপন কৰিব।

 ২। বাহ্যিকতা ওজাপালী পৰিৱেশনৰ এটা অঙ্গ। বিনা বাহ্যিকতাই ওজাপালী পৰিৱেশন কৰা সম্ভৱ নহয়। কিন্তু এই বাহ্যিকতাই যাতে অৰ্থপূৰ্ণ ৰূপেৰে বাহ্যিকতা হয় তাৰ প্ৰতি মনোনিৱেশ কৰিব লাগিব। অৰ্থশূন্য কথা বা উক্তিৰে সমাজৰ মন জয় কৰিব নোখোজায় ভাল। কাৰণ অৰ্থশূন্য কথাবোৰে শিল্পী বা সমাজ কাৰোই উপকাৰ সাধন নকৰে। বৰং বহুমূলীয়া সময়বোৰ নষ্ট কৰে। সেইবাবে সদায় হাস্যৰস উপস্থাপন কৰোতে সাৱধান

হ’ব লাগিব। যাতে ই অৰ্থশূন্য বাহ্যিকতাৰ ৰূপ নলয়। ওজাপালীত পৰিৱেশিত প্ৰতিখন পুথি, প্ৰতি খণ্ড পদত বন্ধা ধৰা ৰূপত হাস্যব্যঙ্গ, কৰুণ, বীৰ ৰস আদি নৱৰ সঞ্চাৰ হৈ আছে। কেৱল পৰিৱেশন কালত তাক ভাগ কৰি দেখুৱাব পাৰিব লাগিব। তেতিয়াহ'লে বাহ্যিক কথাবোৰ

৭৩