পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সমাজ

 এনে ধৰণৰ শব্দবোৰ ব্যৱহাৰ কৰি ওজাপালীক থলুৱা ভাষা কথা সংৰক্ষণৰ মুখ্য ভূমিকাত নিয়োজিত কৰি ৰাখিছে। ইচামৰ পিছত সিচাম ওজাপালী এনেধৰণে নিজৰ অঞ্চলৰ ভাষা-কথাবোৰ ওজাপালীৰ মাধ্যমেৰে প্ৰকাশ কৰিছে। আনহাতে নাটকৰ হাস্যৰসৰ ক্ষেত্ৰত ডাইনাপালীৰ দৰে হাস্যৰসিক অভিনেতাবোৰে এনে শব্দৰে কিছু ৰসৰ সঞ্চাৰ কৰা দেখা যায়।

ওজাপালীত বাহ্যিকতা

 ওজাপালীত বাহ্যিকতা কেতিয়াবা কিছুমান সমাজত বিতৰ্কৰ বিষয় হৈ উঠে। ইয়াৰ মূল কাৰণ দুটা।

 ১। পদৰ কাহিনী, চলিত ৰসৰ লগত খাপ নোখোৱা বাহ্যিক কথা বা কাহিনী অৱতাৰণা কৰিলে প্ৰকৃত শ্ৰোতাৰ ৰসভঙ্গ হয়। ফলত শ্ৰোতাজনৰ বিৰূপ প্ৰতিক্ৰিয়া হ'ব পাৰে। সেইবাবে বিশেষকৈ ডাইনাপালীজন সাৱধান হ’ব লাগে যাতে পদৰ মাজত চলি থকা ৰসত ভাঙনি কৰোতে আন ৰস সঞ্চাৰ নহয়। পদৰ ভাঙনিত দিব খোজা উপমা পদৰ কাহিনীভাগৰ লগত মিলা হ’ব লাগে। পদত যদি কৰুণ ৰসৰ পদ আলোচনা হৈ আছে তাত হাস্যৰস কোনো কালে অৱতাৰণা কৰিব নালাগে। ইয়াৰ ফলত দলৰ সুনাম হোৱাতকৈ দুৰ্নাম হোৱাতোৱেই স্বাভাৱিক। আন এটা কথা মন কৰিবলগীয়া সমাজখনত কেনে ধৰণৰ সমাজুৱা আছে। যদি কম বয়সীয়া ল'ৰা-ছোৱালী বা তিৰোতা বেছি

পৰিমানে আছে তেনেকুৱা সমাজত উপদেশমূলক পদ আৰম্ভ কৰিব লাগে।

৭২