পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সমাজ

 সল্কেফেলে
 সেন্ঠোৰ দেখি
 খুত্তে
 ধেখলোৰ বাৰ
 হামলা হামলি
 সলপি সলপি
 জেইঠে

 এনেকুৱা শব্দবোৰৰ ব্যৱহাৰে লোক কলাৰ মাধুৰ্য্য চিৰদিন বহন কৰিছে। শিক্ষাৰ প্ৰভাৱত এনেবোৰ শব্দ ক্রমান্বয়ে হেৰাই গৈ আছে। লোককলা স্থানীয় সংস্কৃতিৰ ক্ষেত্ৰত এইয়া শুভ লক্ষণ বুলি ক’ব নোৱাৰি ৷ ওজাপালী সকলে সম্পূৰ্ণ লিখিত ভাষাত পদৰ ভাঙনি বা বিশ্লেষণ কৰাটো অসম্ভৱ নহয় কিন্তু তাৰ ফলত ক্ৰমে অতীজৰ পৰা ব্যৱহৃত থলুৱা শব্দবোৰ লোপ পাই যাব ৷ সংস্কৃতি ৰক্ষাৰ লগে লগে থলুৱা মাত-কথাবোৰো জীয়াই ৰাখিবলৈ লোক কলাৰ শিল্পী সকলে অহোপুৰুষাৰ্থ কৰি আহিছে। ইচ্ছাকৃতভাবে ডাইনাপালীবোৰে এনে ধৰণৰ যতুৱা ঠাঁচ আৰু হেৰাই যাব ধৰা কথা বতৰাবোৰ ধৰি ৰখাৰ প্ৰয়াস কৰি ডাইনাপালীবোৰে পাৰ্য্যমানে থলুৱা ভাষা ব্যৱহাৰ কৰে।

ইফলে আহ

উককো আহ
চাহ কৰা

   

বল্লিমাছ
বাল্লিমাছ
সথলি মাছ
চাহ মাৰা

৭১