পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সমাজ

ওচৰলৈ আগবাঢ়ি যোৱা, কেতিয়াবা কেতিয়াবা ওজাজনেও সমাজৰ মাজত সুমাই পদ দিয়া দেখিবলৈ পোৱা যায়।

 এইবোৰ যি কি নহওক আমাৰ পৰম্পৰাক শ্ৰদ্ধা জনাই বৈদীকক অৱহেলা কৰিলে কলাবিধৰ বিস্তৰ ক্ষতি হোৱাৰ থল আছে। বেদ উপনিষদৰ মাধ্যমত শাস্ত্ৰীয় আদৰ্শ আগত লৈ সমাজখনক আগবঢ়াই নিয়াৰ দায়িত্ব শিল্পী সকলে গ্ৰহণ কৰিব লাগিব। এখন সুসংহত সমাজ গঢ়িব পৰাটো শিল্পী সকলৰ বাবে পৰম সৌভাগ্য। কাৰণ শিল্পী সকল দেৱতুল্য (গন্ধৰ্ব সদৃশ)। সমাজখন দেৱ সমাজ, এই চিন্তা শিল্পীসকলে সদায় মনত ৰখা উচিত। সমাজখনক আগবঢ়াই নিবলৈ হলে প্ৰথমে আমি শিল্পী সমাজ সচেতন হ’ব লাগিব। লোক কলাক সমাজ গঠনত প্ৰধান ভূমিকা দিব পৰাকৈ কলাবিধৰ সংস্কাৰ আৰু শিল্পীসকল সজাগ আৰু সচেতন হলে লোককলা, সমাজ, ভাষা, সাহিত্য আৰু দেশৰ উৎকৰ্ষ সাধন হ’ব।

 লোক কলাই বিশেষকৈ স্থানীয় ভাষা, কথাৰ ওপৰত বিশেষ প্ৰভাৱ পেলাই। সমাজত চলি থকা আচাৰ-ব্যৱহাৰ, নিয়ম-নীতি, মাত- কথা সকলোবোৰ সংৰক্ষণ, প্ৰচাৰ কেৱল লোক কলা সমূহৰ জৰিয়তে হৈ আছে। ইয়াৰ ভিতৰত ওজাপালী আৰু ঢুলীয়া চং বিশেষভাবে উল্লেখনীয়। ওজাপালীৰ পদবোৰ যদিওবা লিখিত ভাষাত আছে পদৰ ভাঙনিৰ সময়ত সাধাৰণতে থলুৱা মাত-কথাৰ অৱতাৰণা কৰে ডাইনাপালীয়ে। ফলত কথাবোৰ বেছি শ্ৰুতি-মধুৰ হৈ পৰে। সেইকাৰণে

থলুৱা ভাষা কথাবোৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত ওজা, ভাওৰীয়া বা ঢুলীয়াই

৬৯