পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

 ৯। বাস্তৱ সমাজত দেখা যায় আন বহু লোক কলাৰ মৃত্যুৰ বাখ্যা দুই এজনে দঙি ধৰে যেনে পুতলা নাচ, ঢুলীয়াৰ চং

 ১০। হয়তো এদিন এই লোককলা শিল্পী ওজাপালী পাহৰণিৰ গৰ্ভত হেৰাই যাব। এদিন হয়তো পুতলা নাচৰ দৰে ওজাপালী আলোচ্য বিষয় হ’ব। তেতিয়া যাক বিচাৰিলে পৰ্বতত কাচকনিৰ সদৃশ হ’ব।

 ১১। বৰ্ত্তমানৰ ওজাপালী পৰিৱেশন ধাৰণাটো যি ধৰণে সংকোচন আৰু বিশ্ৰুতিপূৰ্ণ হ’ব ধৰিছে হয়তো কিছু বছৰ পিছত ওজাপালীৰ মূল তত্ত্ব বা সুৰ তাল মান বিচাৰিলে পোৱা নাযাব৷

 ১২। ওজাপালীৰ মূল তত্ত্ব ৰাগ ৰাগিনী যদি হেৰাই যায়। তাৰ বাবে কুৰি শতিকাৰ সক্ৰিয় ওজাপালী শিল্পী সকল জগৰীয়া হ’ব লাগিব।

লোককলা ওজাপালীত নাৰীৰ মৰ্য্যদা

 লোককলা ওজাপালীৰ পৰিৱেশ্য শাস্ত্ৰ সমূহত নাৰীক এখন উচ্চ মৰ্য্যদা সম্পন্ন আসন প্ৰদান কৰা হৈছে। এই কলাৰ মাজত উল্লেখিত নাৰী সমাজখনক যেনেকৈ স্বকীয় মৰ্য্যদাৰে বিভূষিত কৰা হৈছে আন কোনো শাস্ত্ৰ বা কলাৰ মাজত বিচাৰি পাবলৈ নাই। এই লোককলাৰ শাস্ত্ৰ সমূহ অধ্যয়ন কৰিলে দেখা যায় নাৰী জাতি সৰ্বশক্তিমান।

১। সৃষ্টি
২। স্থিতি
৩। বিনাশ

৫৯