পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

বুলি উল্লেখ কৰে।

 ৬। চিৰ ব্যৱহাৰ্য্য লোক কলাবিধৰ ওপৰত সচেতন ব্যক্তি সকলে এইবোৰ অন্যায় কৰা নাইনে? এই পদ্ধতিত শিল্পীসকলৰ মন হতাশিত কৰি তোলা নাইনে?

 ৭।এই হতাশাই এদিন শিল্পী সকলৰ স্পৃহাৰ সংস্কৃতি হিয়া উজাৰি ভালপোৱা বিশ্ৰামবিহিন, বিৰাম বিহিন কলাবিধৰ শৱ কান্ধত তুলি শ্মশান ঘাটলৈ নিব লাগিব৷ এইয়া এখন দেশৰ বাবে হ’ব অপূৰণীয় ক্ষতি।

লোককলা সমূহৰ মৃত্যুৰ কাৰণ

 ১। সংৰক্ষকৰ অভাৱ

 ২। চৰকাৰৰ হিন মন্যতা

 ৩। আধুনিকৰণৰ অভাৱ

 ৪। সমাজৰ অনিহা

 ৫। আধুনিকৰণত অৰ্থাভাব

 ৬। প্ৰয়োজনৰ বিশ্লেষণৰ নাটনি

 ৭। বিভিন্ন অঞ্চলৰ বিভিন্ন কলাৰ ওপৰত সেই স্থান বা অঞ্চলৰ প্ৰতিনিধি গৰাকীৰ অদুৰদৰ্শিতা বা হিনজ্ঞানে কলা সমূহৰ মৃত্যুৰ কাৰণ হ’ব পাৰে।

 ৮। আন কিছু ক্ষেত্ৰত শিল্পী সকলৰ নৈতিক চৰিত্ৰই ভদ্ৰ

সমাজখনৰ পৰা কলাকাৰ বা শিল্প প্ৰতিভাক আঁতৰলৈ লৈ যায়।

৫৮