পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

দুৰ্গাই ভুল ধাৰণা লৈ দেৱী পদ্মাক নানান তৰ্জন গৰ্জন কৰি পদ্মাক সোণৰ কঙ্কন চকুত মাৰি পদ্মাক চকু কনা কৰিলে। শিৱে বাৰে বাৰে কৈছিল এইয়া আমাৰ কন্যা কিন্তু চণ্ডীকাই কথাষাৰ বিশ্বাস কৰা নাছিল ৷ ভাবিছিল তেওঁৰ স্বামী পুনঃ এজনী সতিনী আনিছে। পুনৰ ক্ৰোধত জ্বলি উঠিল পদ্মা। সেই মুহূর্ততে সৰ্প ৰূপ ধাৰণ কৰি চণ্ডীকাক দংশন কৰি এজোপা সীজু গছত উঠি গ'ল ৷ সেয়েহে দেৱীৰ পূজা মণ্ডপত সীজু গছ অপৰিহাৰ্য্য। ঢলি পৰিল চণ্ডীকা, এইয়া দুর্গা দক বা চণ্ডী দক। পুনৰ শিৱৰ কাতৰ অনুৰোধত চণ্ডীকাক পদ্মাৱতী, প্রাণময় কৰি তোলে ৷ এইয়াই চণ্ডীদকৰ মূল কথা।

কৃষ্ণ দক

 কালিন্দ্ৰী হ্রদ বা কালীদহ সাগৰত থাকে কালী নাগ। তাতে কৃষ্ণই গৰখীয়া ল’ৰাবোৰ লৈ গৰু চৰাই। এদিন তাত কালীনাগৰ বিষত হ্ৰদৰ পানী বিসাক্ত হৈ পৰিছিল। সেই পানী গৰখীয়া সকলে খাই মূৰ্চ্ছা গৈছিল। সর্বজ্ঞানী কৃষ্ণ গোঁসাই নিজ শক্তিৰে গৰখীয়াবোৰক জীয়াই তুলিলে। জগত কৰ্ত্তা কৃষ্ণই ওচৰত থকা কদমৰ ডালত উঠি হ্ৰদত জপিয়াই পৰিল৷ ভয়ঙ্কৰ কালী নাগে কৃষ্ণক দংশন কৰি মেৰিয়াই ধৰিলে। এই কথা গোকুলত প্ৰচাৰ হ’ল গোপ-গোপী নন্দ-যোশোদা আতাইবোৰে হ্ৰদৰ পাৰলৈ আহি ইনাই বিনাই কান্দিব ধৰিলে ৷ তেনে সময়তে তাত উপস্থিত হ’ল বলোৰাম। বলোৰামে হাঁহি হাঁহি সকলোকে সান্তনা দিলে। এইয়া

কৃষ্ণৰ মায়া। অলপ পিছত দেখিবা কৃষ্ণই উঠি আহিব। সঁচাকৈ কৃষ্ণই

৪০