পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সমাজ

অভিমত সমাজ একগোট কৰা। জাতি-ধৰ্ম নিৰ্বিশেষে একতাৰ বান্ধোনেৰে সমাজক এক কৰি বান্ধি ৰখাই গুৰুজনাৰ মহৎ উদ্দেশ্য। এনে আদৰ্শ যাতে বিঘ্নিত নহয় তাৰ বাবে সচেতন ব্যক্তি সকল সদায় সমাজৰ প্ৰতি চকু ৰাখিব লাগিব।

 দেৱীৰ ষোড়শ পূজাৰ বিশেষ অঙ্গ বলি। বলি সমূহ দেৱীৰ আগত অৰ্পন কৰি মুণ্ডছেদ কৰি মুণ্ড দেৱীৰ পদত অৰ্পণ কৰা হয়। বাকী অৱশিষ্ট অঙ্গ দেৱীৰ ভোগত অৰ্পণ কৰা হয়। এই ভোগ সকলো মাতৃৰ অৱশিষ্ট হিচাবে গ্ৰহণ কৰে। এই ভোগৰ আন এটা দিশ পূজাৰ অনাহাৰী সকলে গ্ৰহণ কৰি সন্তুষ্টি লাভ কৰাটো পূজাৰেই অঙ্গ বুলি কলে ভুল কোৱা নহয়। কাৰণ প্ৰতিজনৰ অন্তৰত সুপ্ত ভগৱানে এই সন্তুষ্টি অনুভৱ কৰা মানে পূজাখনৰ সফলতাৰ ইঙ্গিত বহন কৰে। নিশা প্ৰায় এঘাৰ বজাৰ পৰা আৰম্ভ হয় পূজাৰ তৃতীয় কাৰ্য্যসূচী ভাতিয়ালী পদ।

 ভাটীয়ালিক পূজাৰ পাঞ্চালী বুলিয়ো উল্লেখ আছে। পদ্ম পুৰাণৰ মূল অংশ ভাটীয়ালি চান্দ সদাগৰৰ পুত্ৰ লক্ষিন্দাৰক বিবাহ কৰাই আনি পূৰ্বে নিৰ্মিত লোহাৰ মেৰ ঘৰত দৰা-কইনাক থোৱা হয়। শিৱ কন্যা পদ্মাৱতী, ৰমৰ্নদ্বীপত থকা কালী নাগক আনি লক্ষিন্দাৰক দংশন কৰাই আৰু এঘাৰ বছৰীয়া কন্যাৰূপী বেউলাই তিনিমাহ কলৰ ভেলত মৰা স্বামীক দেৱৰ পূৰলৈ নি পুনৰ জীৱিত কৰি উভতি আহে৷ এই কাহিনী ভাগে ভটিয়াই ইয়াত নাৰী জাতিৰ গৌৰৱময় অধ্যায় বুলি নিসন্দেহ কব পাৰি।নাৰীৰ ধৈৰ্য্য, সাহস, কষ্টসহিষ্ণুতা, স্বামী ভক্তিৰ নিদৰ্শন বিশদভাৱে বৰ্ণনা কৰা আছে পদ্ম পুৰাণৰ ভাটীয়ালি খণ্ডত। যদি ওজাপালী শিল্পী

৩৬