পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সমাজ


তুলিব। লক্ষ লক্ষ মানুহ সমাজত অন্ন-বস্ত্ৰ হেৰুৱাব লাগিব। জীৱকুল গৃহচ্যুত হৈ অৰণ্যত বাস কৰিব লাগিব। জীৱকুলৰ মাজত হ’ব এক আকস্মিক মৃত্যুৰ বিভিষিকা। ক্রমান্বয়ে বিলুপ্ত হ’ব ঘৰচীয়া জীৱকুল৷

 সেয়েহে পূজা-পার্বনত বলি বিধানত বাধাৰ সৃষ্টি কৰাৰ কোনো কাৰণ থাকিব নালাগে ৷ পৰম্পৰা ৰক্ষা কৰি বৈদিক নিয়মক সন্মান জনাই বলি বিধানৰ সমৰ্থক সকলক ধৰ্মচ্যুত কৰিবলৈ যত্ন নকৰাটোৱে শ্রেয়। মহ, ছাগলী, হাঁহ, পাৰ আচলতে বলীৰ প্ৰতীক। আমি চাৰিমুঠি জীৱেই মাতৃৰ পৰা জন্ম লাভ কৰিছো চাৰিমুঠি জীৱই পুত্ৰৰ ৰক্ত মাতৃ কেতিয়াও গ্ৰহণ নকৰে ৷ এই বলি আচলতে এক আসুৰিক শক্তিৰ দ্বাৰা চালিত বুলি ক’ব লাগিব।

বলি কি?

 বলি আচলতে এইবোৰ নহয়, বলিৰ মূল অৰ্থ ত্যাগ। আমাৰ দেহত থকা আসুৰিক, পৈশাচিক, প্ৰবৃত্তি সমূহ দেৱ-দেৱীৰ আগত ত্যাগ কৰিব পাৰিলে আমি প্রকৃত মানুহৰ শাৰীত প্রতিষ্ঠা হ’ব পাৰিম। মনৰ কলুসিষত ভাবধাৰাক দেৱীৰ আগত অন্তৰৰ নিভৃত কোণৰ পৰা বিদায় দিব পাৰিলে মানৱ জীৱনৰ সাৰ্থকতা অনুভৱ হ'ব। এই বলিহে দেৱীৰ আগত প্ৰকৃত বলি প্ৰদান কৰা হ’ব। বৈষ্ণৱ ধৰ্মত বলি বিধানৰ বিৰোধিতা কৰা হৈছে ওপৰত উল্লেখ কৰা কাৰণ সমূহ অনুধাৱন কৰি এক নৈতিক আদৰ্শত অনুপ্রাণিত হৈ চিন্তা কৰি চালে দেখা যাব যে বৰ্ত্তমানত ইয়াৰ

বিৰোধিতা কৰা মানে সমাজখনক ভাঙোনমুখি কৰা হ’ব। গুৰুজনাৰ

৩৫