পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সমাজ



চুবুৰীয়া বা দুৰ-দূৰণিৰ আলহি-দুলহী যথাসাধ্যে পূজাৰ বাবে প্ৰসাদ বুট-মুগ, কল, ধূপ, চাকি গাখীৰ আদি লৈ পূজাথলীত উপস্থিত হয়। আন কিছুমান ভক্তই দেৱীৰ সন্তুষ্টিৰ বাবে কণী, পাৰ আদিয়ো লৈ আহে৷

 ব্ৰাহ্মণে পূজা আৰম্ভ কৰাৰ লগে লগে আগ নিশাৰ দৰে যথা স্থানত ওজাপালীক আসন দিয়া হয়। সমূহ নৈবদ্য, ধূপ-চাকী দিয়াৰ পিছত তেওঁলোকে দ্বিতীয় দিনৰ কাৰ্য্যসূচী আৰম্ভ কৰে। হুঙ্কাৰৰ পিছত প্ৰথম

বন্দনা

১। গণেশৰ বন্দনা
২। কৃষ্ণ বন্দনা
৩। সৰস্বতী বন্দনা
৪। মনসা বন্দনা
৫। লক্ষ্মী বন্দনা
৬। অনাদি বন্দনা
৭ । চণ্ডী বন্দনা
৮। দেৱীৰ ধ্যান বন্দনা
৯। গণেশৰ জন্ম খণ্ড

মহাস্নান

পঞ্চ কচা, অষ্ট মৃত্তিকা অষ্ট কলহৰ জল

আমৰ চাল উই হাফলুৰ মাটি

২০