পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সমাজ

অতিকৈ চিন্তনীয়। দেশৰ ভাষা, কলা-সংস্কৃতিয়ে যদি দেশৰ মেৰুদণ্ড হয় তেনেহ'লে লোককলাবোৰ হেৰায় যোৱাৰ লগে লগে মেৰুদণ্ডৰ কামী হাড়বোৰ ভাগি যোৱা নহবনে?

 মেৰুদণ্ড নিশকতিয়া নহবনে তথাপি দেশৰ কৰ্ণধাৰ সকলে ইয়াক ৰক্ষা কৰিবলৈ মনোনিৱেশ নকৰাটো দেশৰ কলা জগতখনৰ বাবে শুভ লক্ষণ নহয়। ওজাপালী নৃত্য-নাটক, কলাবিধ ক্ৰমান্বয়ে ধ্বংসৰ গৰাহলৈ আগবাঢ়ি গৈ আছে। শেষৰ ফালে তাৰ এটা চমু আভাস দাঙি ধৰিলো। নব্বৈ দশকৰ পৰা বহু শিক্ষিত মানুহ এই ওজাপালী দলত যোগদান কৰিছিল আৰু এই সকলৰ জৰিয়তে ওজাপালী এটা নতুন মাত্ৰা নোপোৱা নহয়। অন্তত এই শিক্ষিত চামে যথাসাধ্যে পদ, পুথিবোৰ শুদ্ধ কৰি অৰ্থপূৰ্ণ আৰু শ্ৰুতিমধুৰ কৰি তুলিছিল। কিন্তু পৰিতাপৰ কথা যান্ত্ৰিক যুগত ওজাপালীৰ চাহিদাৰ প্ৰতি আৰু ভৱিষ্যতৰ প্ৰতি লক্ষ্য কৰি এইচাম শিল্পী হীনমন্যতাত ভুগিছে৷ নিৰাশাৰ ছবি এখন সমাজত পৰিস্ফুত হৈ উঠিছে। ফলত নতুন চামৰ মাজত ইয়াৰ প্ৰতি একাগ্ৰতা দেখা পোৱা নাযায়৷

পৰিশ্ৰমিকঃ

 চিনেমা, থিয়েটাৰ, ওজা, ঢুলীয়া, পুতলা নাচ এই সকলো কলা, এই সকলো কলা শিল্পী, তুলনামূলক ভাবে যদি চোৱা যায় দেখা যায় যে যি সকল লোককলা শিল্পী তেওঁলোকৰ কলাৰ মানদণ্ড উচ্চ কিন্তু তেওঁলোকৰ কলাৰ মূল্য যথেষ্ট নিম্ন, এজন চিনেমা শিল্পীৰ পাৰিশ্ৰমতকৈ

লোক কলা শিল্পীৰ পৰিশ্ৰম বহু গুণে বেছি কষ্টকৰ। অথচ এই শিল্পীৰ

১৩