পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

ব্যক্তিৰ যৎপৰোনাস্তি চেষ্টাৰ ফলত সমাজত শিক্ষা লাভৰ প্ৰতি, সমাজখন ক্ৰমে আকৰ্ষিত হবলৈ ধৰিলে। বিভিন্ন জাতি-গোষ্ঠী লগ হৈ আদিম যুগৰ পৰাই অসমখন এখন বিভিন্ন কলা-সংস্কৃতিৰে পূৰ্ণ হৈ পৰে। যেতিয়া সকলো দিশত সমাজ আগবাঢ়ি আহিল তেতিয়াই সমাজত আৰম্ভ হ'ল সামাজিক প্ৰথা সমূহ। বিবাহ আদি পৰ্ববোৰ সমাজ গঠনৰ সভ্যতাৰ এক নিদৰ্শন। তাৰ লগে লগে অন্যান্য পূজা-পাৰ্বন, সেই প্ৰথম মানৱ সভ্যতাৰ পৰাই ক্ৰমবিকাশ হৈ আজিৰ পৰ্য্যায়ত উপনীত হৈছে। প্ৰথম অৱস্থাত ‘সাপগছ’ পূজাৰ ব্যৱস্থা আছিল। তাত বিভিন্ন বাদ্য আগেয়ে উল্লেখ কৰা নাচনী নৃত্য, কিছু পুৰুষে তাত বিভিন্ন ভঙ্গিত নৃত্য, শিলৰ টুকুৰা হাতত লৈ বাদ্য বজাই আৰু বিশেষতঃ তাত প্ৰসাদ হিচাবে জন্তু বলি দি জন্তুৰ মাংস দিয়া হৈছিল৷

 লোককলা সমূহৰ ভিতৰত ওজাপালী নৃত্য আন কলা সমূহৰ স্ৰষ্টা বুলি কলেও ভুল কোৱা নহ’ব। কিয়নো কলা সমূহৰ ভিতৰত ই প্ৰাচীনতম। নাট, ভাওনা আদি সকলো ওজাপালিৰ পৰা সৃষ্টি হোৱা বুলি অনুমান কৰা হয়।

ওজাপালী দুটা ভাগত বিভক্ত :

 প্ৰথম ঃ ওজাপালী শক্তি দেৱী সকলৰ উপাসক। মনসা, দুৰ্গা কালী আদিৰ দৰে দেৱী সকলৰ উপাসনা এওঁলোকৰ মুখ্য কৰ্ম। কবলৈ হলে পুৰাণৰ আধাৰত এই ওজাপালী সকলে ৰচিত পদ পুথি সমূহ

ব্যৱহাৰ কৰে বেছিকৈ। যেনে আদি পুৰাণ, পদ্মাপুৰাণ, মাৰ্কণ্ডেয় পুৰাণ