পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ৭০ দশকৰ পৰা মই লোককলাবিধৰ প্ৰতি নিবিৰভাৱে প্ৰৱেশ কৰিছিলোঁ। কিন্তু মোৰ বাবে এই পথ মসৃন নাছিল, মোৰ বাবে আছিল কন্তুকময় পথ। পৰিয়ালৰ কোনোজনৰ সমৰ্থন মই পোৱা নাছিলো, পিতৃদেৱ আছিল নিৰৱ। তথাপি মই কক্ষচ্যুত হোৱা নাছিলো ৷ দুখ, লাঞ্চনা, মোৰ সঙ্গী হৈ ঘুৰি ফুৰিছিল ৷ তথাপি মই দৃঢ় প্রতিজ্ঞ। পিতৃদেৱৰ গৌৰৱময় পথেৰে মই আগবাঢ়ি যাম অঘোষিত জয়ৰ মাল্য ধাৰণ কৰিবলৈ৷ এই বাৱান্ন বছৰীয়া দীঘলীয়া পৰিক্ৰমাৰ অন্ত হবলৈ যেন মোৰ বহু এতিয়াও বাকী আছে। শীর্ষ বিন্দুলৈ বহু দুৰ বাট আছে। মই আগবঢ়াৰ লগে লগে পিছলৈ ঘুৰি চালো ৷ ভৱিষ্যত নৱ প্ৰজন্মৰ বাবে কি দি যাম? কি হওক লৈ তেওঁলোকে আগবাঢ়িব তাৰেই দোদুল্যমান চিন্তা লৈ গুৰুৰ আশীৰ্বাদত মই লাভ কৰা জ্ঞানখিনি ভৱিষ্যত পুৰুষৰ বাবে লোককলাৰ ওপৰত ক্ৰমে বৰ্ত্তমানলৈ চাৰিখন পুথি লিপিবদ্ধ কৰি থলো। মই আশা ৰাখিম ৱাৱন্ন বছৰীয়া অভিজ্ঞতা, তিতা-কেহা সকলোবোৰ লিপিবদ্ধ কৰি থৈ যাম।

 সদৌশেষত লোককলা ওজাপালী আৰু সমাজৰ বৰ্ণাশুদ্ধিবোৰ বৰ কষ্টেৰে কৰি দিয়া বাবে বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মাননীয় জয়ন্ত বর্মন দেৱলৈ মোৰ আন্তৰিক অভিনন্দন জনালোঁ । আৰম্ভণিৰে পৰা কিতাপখন লিখিবলৈ উদ্‌গনি দিয়া বাবে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি মাননীয় ধ্ৰুৱজ্যোতি শৰ্মাদেৱ, প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ বিপিন কলিতাদেৱ, ড° উপেন্দ্ৰজিৎ শৰ্মাদেৱ আৰু নলবাৰী জিলা সাহিত্য সভাৰ সমূহ বিষয়ববীয়ালৈ মোৰ অন্তৰভৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ।

 শেষত জ্ঞাত-অজ্ঞাত ভূল-ত্রুটিৰ বাবে পঢ়ুৱৈ সমাজলৈ ক্ষমা বিচাৰিছোঁ।


ধন্যবাদেৰে—
লিখক