পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


মনৰ
 দু-আষাৰ....


 লোককলা ওজাপালী আৰু সমাজ, মোৰ আজন্ম সাধনাৰ অমৃত ফল। জন্ম সূত্ৰে মোৰ দেহত প্ৰৱাহিত লোককলাৰ ৰক্তপ্ৰৱাহ। হয়তো বাল্যকালত মোৰ নিচুকনী গীতো ওজাপালীৰ মাজতেই আৱদ্ধ হৈ আছে। মোৰ পিতৃদেৱ প্ৰয়াত বিষ্ণুৰাম হালৈ (ডাইনাপালী) এজন স্বনামধন্য ওজাৰ ডাইনাপালী আছিল। অশেষ ত্যাগ স্বীকাৰ কৰি তেখেতে ওজাপালী শিল্পীৰ শীৰ্ষ বিন্দুত উপনীত হ’ব পাৰিছিল। সেয়েহে মই জন্মসূত্ৰে আকৃষ্ট হৈছিলো এই লোককলাবিধৰ প্ৰতি। মোৰ মনত, মোৰ প্ৰাণত, মোৰ দেহত অঙ্কুৰিত হৈছিল লোককলা ওজাপালীৰ বীজ। লোককলাৰ বোজা পিঠিত লৈ ঘূৰি ফুৰিছিল বিভিন্ন ঠাই, বিভিন্ন অঞ্চল। আঠ-দহদিনৰ মুৰত একোদিত ঘৰলৈ আহিছিল৷ পিতাৰ ওজা গোৱা কাপোৰ ধুবলৈ, পিতাৰ পাঞ্জাবী চোলাৰ পৰা পঞ্চাশৰো অধিক ৰূপৰ মেডেল আৰু দুটা সোণৰ মেডেল মাৱে যেতিয়া খুলিছিল হাতৰে লাৰি পিটিকি এটা অনাবিল আনন্দ অনুভৱ কৰিছিলোঁ। পিতাক কিমান গৌৰৱৰ অধিকাৰ কৰিছিল সৰু-বৰ মেডেলবোৰে। মোৰ শিশু প্ৰাণত আকাঙ্খ্যা ৰূপে স্থিতি হৈছিল এনে গৌৰৱৰ অধিকাৰী হ’বলৈ। তাৰেই ফলশ্ৰুতি মই যেতিয়া বেলশৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ তেতিয়াই সমাজৰ লগত পৰিচয় হবলৈ সুযোগ পাইছিলোঁ। অৰ্থাৎ তেতিয়াৰ বেলশৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ মাননীয় অচ্যুত মিশ্ৰ দেৱে স্কুলৰ বছৰেকীয়া অধিৱেশনত ওজাপালীৰ নৃত্য পৰিৱেশন কৰিবলৈ মোক ওজা সজাই পৰিক্ষীত বধৰ পদ গাই প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিলোঁ। এইয়া আছিল মোৰ ওজাপালীৰ প্ৰথম পদক্ষেপ। দ্বিতীয়তে পিপলিবাৰী মজলীয়া স্কুলৰ বছৰেকীয়া অধিৱেশনত ওজাপালী নৃত্য কৰি তেতিয়াৰ পশ্চিম নলবাৰী খণ্ড উন্নয়ণ বিষয়া মাননীয় শিৱপ্ৰসাদ চাং কাকতি দেৱৰ হাতেৰে পুৰস্কাৰ গ্ৰহণ কৰি গভীৰ আনন্দ অনুভৱ কৰিছিলোঁ। অনুপ্ৰাণিত হৈছো ক্ৰমে লোককলাবিধৰ প্ৰতি৷