এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানুহৰ দেহাতে জীৱই কলেমলাই
“খাবলৈ খুদ কণ নাই—
মানুহৰ ভোগতে ভোগ পৰমানত
খুদকণ কমিলেই দায়।
হেৰা ভোগেশ্বৰ ভোগমন ভোগাই
ভোগতে গৈছা বুৰ
শুনা কাণ পাতি জীৱৰ চিঞৰ
কলমলনিৰ সুৰ।
পেটৰ অগনিয়ে সৱাকো দংশিব
জীৱৰ সৰু-বৰে নাই,
মানুহে মানুহক মোৰ নুবুলিলে
মানুহে মানুহক খায়।
৩১