সমললৈ যাওক

পৃষ্ঠা:লুইতী.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জীৱনৰ মৌৰহ উপচি পৰিছে
 চৌদিশ চৌ-চৌৱাই
পইচা লেখোতাৰ  লেখোতেই আহুকাল
 চাবৰ হে সময় নাই।

হেৰা ধনবৰ  ধনকে চিনিলা
 বঙহক কৰিলা পৰ
আপদৰ কালতে  ধনে নেতাৰিব
 বঙহ হে আপোন বৰ।

“ধনক ধনে কৰি  ধনকে ঘটিছা
 পৰমে যতনে কৰি
ধন যায় উচলি  দেহা যায় পিছলি
 লগত যায় দুচলি খৰি।”

৩০