এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আজি নতুন ফাগুন দিন
বিশ্ব-বীণৰ পুৰণি তাঁৰত
জোকাৰ উঠিছে ৰিণ্ জিন্ জিন্।
তাঁৰৰ জোকাৰ সুৰৰ ৰাগী
গছৰ নতুন পাতত লাগি,
নাচোন জাগে তা ধিন্ তা ধিন্।
মোৰ সুৰৰ ৰাগী লাগিছে,
মোৰ প্ৰাণত নাচোন জাগিছে।
মোৰ হৃদয়ৰ মাজে মাজে
কাৰ নেদেখা নেপুৰ বাজে,
মঞ্জিৰা বাজে ৰিণ্ জিন্ জিন্॥
২৮