এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফাগুনত আমাৰ দেশত
পছিমৰ পছোৱাই
পৰ্ব্বতত দেৱালি জ্বলায়;
উতৰৰ মলয়াই
আহিনত বনে বনে
শেৱালি সৰায়।
বিৰিখত ঠেও ধৰি
কত কুলি কেতেকীয়ে নাচে;
হাবি বন ভৰি ভৰি
কত গান কত গীত আছে।
কত ম’হ-গুৱালৰ গীত
মুকলি পথাৰ ভেদি
বতাহত উটি উটি যায়;
কতনো নাৱৰীয়াই
লুইতত ৰিঙিয়াই
বন গীত গায়।
২৭