সমললৈ যাওক

পৃষ্ঠা:লুইতী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অ’ চিত পখিলি,
কচোন ক’ত পাই
সৰু পাখি দুখিলি?

কোন দূৰ-দূৰণিত
পাৰিজাত ফুলনিত
আঁৰে আঁৰে উৰি তই
কি ছবি দেখিলি?

পোহৰৰ গুণ গাই,
ফুটুকাৰ মৌ খাই,
তোৰ দৰে ঘূৰি ঘূৰি
উৰিবৰ মন যায়।

ৰ’দালিয়ে বীণ বায়,
জিলিয়ে জুৰণি গায়
চেৱে চেৱে নাচি তই
কি সুৰ শিকিলি?

২৩