সমললৈ যাওক

পৃষ্ঠা:লুইতী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাহৰ গছৰ কুঁহিপাতত
পোহৰ পেলাই ফাগুন আহিছে;
সখিয়তীৰ মিহি মাতত
লহৰ খেলাই ফাগুন আহিছে।

থল-পদুমৰ ৰঙা পাহিত
চৰণ বুলাই ফাগুন আহিছে;
ফুল কুৱঁৰীৰ মুখৰ হাঁহিত
বৰণ মিলাই ফাগুন আহিছে।

প্ৰাণৰ গানৰ তালে তালে
চৰণ পেলাই ফাগুন আহিছে;
জীৱন বনৰ ডালে ডালে
কোঁহ মেলাই ফাগুন আহিছে॥

২১