সমললৈ যাওক

পৃষ্ঠা:লুইতী.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লুইতৰ বুকুতে লহৰী কঁপিলে
 লিহিৰি কঁপিলে পাৰত,
সিপাৰত কোনোবাই  সুহুৰি মাৰিলে
 কঁহুৱা বনৰে আঁৰত।

চৰাই লৰিয়লি  দেও দি লৰিছে
 দীঘল ডঁৰিয়লি বালিত।
উভতি চাওঁতে  উজুটি মাৰিবা
 পথাৰৰ বকিয়৷ আলিত।

“চাইনো চাই বুলিবা  বাট সমনীয়া
 চাইনো চাই বুলিবা বাট,
দেহৰে ভিতৰত  আছে খলাবমা
 পিছলি পৰিবা তাত॥”

১৮