এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আহঁত জুপিৰ টোপাল সৰিলে
তিতিলে দুবৰি বন;
লুইতৰ পাৰতে জকমক কৰিলে
কাৰে ফুলবাৰী খন।
ফুলনি কাষতে শুকুলা শিলৰে
পকা খটখটী ঘাট,
ছান কৰি যোৱা চৰণ এজুৰি—
ছাব পৰি আছে তাত।
বকুল তলেদি কোন গ’লে সেয়া
পাট-কাপোৰৰ সাজ।
বকুল কিপাহি কোচত ভৰাই
সোমালে বনৰ মাজ।
১৪