পৃষ্ঠা:লীলা.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪। সৰ্গ।
পৰ্ব্বতপাদ।

যাত্ৰাৰ চতুৰ্থ দিনা ভৰদুপৰত
পৰিল চকুত পুনু, লাহে, লাহে, লাহে,
প্ৰকৃতি ৰক্ষিত মঠ; শ্যাম ৰহণীয়া !—
মাতৃদেবী সুৰক্ষিত বৰঘৰ যেন,
অপেক্ষি যুগল ৰূপ, বৰ-যাত্ৰা পাচে।
দেখোঁতে ওচৰ অতি চকুত লীলাৰ;
উঠিবহি গাতে যেন, ঘূৰি পাকনিটি,
পূৰাব চকুৰে চাই, পোহনীয়া আশা,
প্ৰকৃত পৰ্ব্বত ৰূপ; নিলগত দেখা
এফলীয়া এচটীয়া সীমাবন্ধা গড়।
পাকনিৰ পাচে কত ঘূৰিল পাকনি;
পাওঁ পাওঁ পাওঁ যেন, —একে নিলগত।
একেঠৰে ৰাখি চকু, আমনি-নলগা,
চাওঁতে চাওঁতে আহি, সন্ধিয়া পৰত,
চাপিলোঁ পৰ্ব্বতপাদ, —আনন্দ মঠৰ
এখন দুৱাৰদলি। প্ৰকৃতি সঙ্কেতে
যেন ৰজাৰ দুৱৰী, সশস্ত্ৰ প্ৰহৰী,
ৰক্ষক দুৰাৰ; —‘নিচুগাৰ্ড’ নাম তাৰ।