পৃষ্ঠা:লীলা.pdf/১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


৪। সৰ্গ।
সংসাৰ-পাতনি।

জনমি কালত পাচে, অৰ্দ্ধ-অঙ্গ এই,
আৰম্ভিলোঁ মনুলীলা, বিধি-বিধানেৰে।
মায়া পৰশত পাহৰিলোঁ অৰ্ধাঙ্গিনী;
নপৰে মনত আৰু পূৰ্ব্বজন্ম কথা।
মাতৃ-অঙ্ক শোভা কৰি, কল্পনা সঙ্গত
কটালোঁ শিশুৰ কাল; পূৰ্ব্বসুখভাগী।
বাল্যকাল পাৰ হল, বাল্যবন্ধু সতে,
হাঁহি, নাচি, কান্দি, কিবা অৰ্থশূন্য ভাৱে।
যৌৱন জোৱাঁৰে ক্ৰমে দিলে দেখা আহি;
—ব্ৰহ্মপুত্ৰ ওভতনি! হৃদয় নিজৰা
উপচি পৰিল কৰি হিয়াৰ ওপৰে;—
কত ভাব কত কথা, কত উচ্চ আশা।
পৰ্ব্বতীয়া জুৰিপ্ৰায় প্ৰেমৰ আবেগ,
বিৰিঙ্গি বিয়পি গল অৰ্দ্ধাঙ্গ বিয়াপি।
চৈধ্য বৰ্ষ পাচে মোৰ, লভিল জনম
সংসাৰ-বান্ধনী-লীলা, পুন্য লীলাৱতী।