পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৪৩] ৰূপালী সাজেৰে সজাই তুলিছিল, সেই প্ৰকৃতি আইৰ মলিল বেশ-ভূষা দেখি, উত্থানৰ লগত যে পতন অথবা সুখৰ লগত যে দুখ আছে; মানুহে তাৰ ভু ভালদৰে পাইছে। | জগত নিতাল। কাৰ কতো সাৰ-সহাৰি নাই। দিনত যিবোৰ পৰাণীৰ পে-পে চে-চে শবদত প্ৰকৃতিৰ কাণ-তালি লাগিছিল, সেই বোৰ পৰাণীয়েও নিদ্ৰাদেবীৰ শান্তিময় কোলাত সোমাই নীৰৱ হৈছে। এনে সুখৰ নিজৰা নিদ্ৰাদেবীকো পাহৰিৰ পৰা, যে মানুহ নাই এনে নহয়। “ঘৰে প্ৰতি ঘৰিণী আকৌ খালে প্ৰতি জণিী” থকাৰ দৰে কিছুমান নৰ পিশাছে টো নিক। জলাঞ্জলি দি স্বাৰ্থান্ধ হৈ আনৰ অনিষ্ট সাধিবৰ বাৰে লাগি পৰি য-যা কৰিব লাগিছে। কোনো কোনো নৰাধমে আকৌ সেই পৈশাচিক কামত কৃতিত্ব লতি নিজক নিজে ধন্যবাদৰ শৰাই লব লাগিছে। চিত্ৰগুপ্তৰ ৰোকৰ খতিয়ানত সিহঁতৰ অমানুষিক গৰ্হিত ৰুৰ হিচাৰ