পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৪২] গাওঁৰ গাভৰু সকলৰ ফুচ ফুচনি মেল শুনা গ'ল। সেই মেলৰ মাজে মাজে খিল-খিলনি হাঁহিৰ ধাৰ বৈ সেই মেলক আকৌ জাগৃত কৰি তুলিলে। সেই বোৰ দেখি শুনি আকৌ কিছুমান তিৰোতাই কবলৈ ধৰিলে, “তহঁতে কি হাঁহিছ, কাগুবোৰ শুনিলে গাত কাইটে বিন্ধা যেন লাগে। গা-মূৰ পিত, পিতাই আহে, ছোৱালী এপাতৰে কাণ্ড খন চোৱা। আমি বোলো ভাল, ভাল, পিছত ভালেই হ’ল যমকাল। এই বোৰ কুলৰ কলঙ্কিণী”। এই দৰে গাওঁ খনত কত যে সমালোচনা হৈ গল আৰু হব ধৰিলে তাৰ ইয়ত্তা নাই। ষষ্ঠ পৰিচ্ছেদ। অমানিশা। ধৰাধাম তিমিৰাষ্ট্ৰম। কতো পোহৰৰ লেশ মাত্ৰও নাই। যি প্ৰকৃতি-আইক ভগৱান সুৰ্যদেৱে তেওঁৰ প্ৰভাময় মুখখনি দেখুৱাই