পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উঠি তেওঁ কেনিবা গৈছে। ইপিনে লীলাৰ মাকেও লীলাক ঘৰতে থাকিব কৈ, “গঙ্গাৰ যাত্ৰা মাহীৰৰ বাৰ্তা” লোৱাৰ দৰে কিবা অলপমান সকাম পূৰাই অহাৰ লগতে এচালি বঢ়িয়াকৈ তামোল খাই আহিবৰ মনেৰে লবঙ্গৰ মাকৰ ওচৰ চাপিল। বহুত সময় হ’লকিবা কথা কথাই তেওঁ ঘৰৰ পিনে উভতিব পাহৰিছেই। লীলা আনালগা ধুপৰদৰে অগত্যা ঘৰতে থাকিৰৰ বাধ্য হ’ল। এনেই বহি থকাতকৈ সৌ- ৰাতিপুৱাই বুটলি অনা বকুল ফুল কেইটিৰ সদ্ব্য- বহাৰ কৰিবৰ মনেৰে চোতালত বহি তাৰেই এধাৰি মালা গাথিব ধৰিলে। মালা ধাৰি গাথা প্ৰায় হৈছেই, এনেতে লাবন্য আহি হঠাৎ মাত লগালে, “কিহে! মালা ধাৰি কাৰ নিমিত্তে?” লীলা-দেখা পাৰলৈ সেখোন দেৱৰ দুলভ হ'ল। ( অলপ হাঁহি) মোৰ যতনত বৰ্কিতহোৱা পাৰ চৰাই জোৰৰ বাবে। লাবন্য—কি?