সমললৈ যাওক

পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[৩৭]

উঠি তেওঁ কেনিবা গৈছে। ইপিনে লীলাৰ মাকেও লীলাক ঘৰতে থাকিব কৈ, “গঙ্গাৰ যাত্ৰা মাহীৰো বাৰ্তা” লোৱাৰ দৰে কিবা অলপমান সকাম পূৰাই অহাৰ লগতে এচালি বঢ়িয়াকৈ তামোল খাই আহিবৰ মনেৰে লবঙ্গৰ মাকৰ ওচৰ চাপিল। বহুত সময় হ’ল, কিবা কথাক কথাই তেওঁ ঘৰৰ পিনে উভতিব পাহৰিছেই।
 লীলা আনালগা ধুপৰদৰে অগত্যা ঘৰতে থাকিবৰ বাধ্য হ’ল। এনেই বহি থকাতকৈ সৌ- ৰাতিপুৱাই বুটলি অনা বকুল ফুল কেইটিৰ সদ্ব্য- বহাৰ কৰিবৰ মনেৰে চোঁতালত বহি তাৰেই এধাৰি মালা গাথিব ধৰিলে। মালা ধাৰি গাথা প্ৰায় হৈছেই, এনেতে লাবন্য আহি হঠাৎ মাত লগালে, “কিহে! মালা ধাৰি কাৰ নিমিত্তে?”
 লীলা-দেখা পাবলৈ দেখোন দেৱৰ দুৰ্লভ হ'ল। ( অলপ হাঁহি) মোৰ যতনত বৰ্দ্ধিতহোৱা পাৰ চৰাই জোৰৰ বাবে।
 লাবন্য—কি?