পৃষ্ঠা:লাহৰী.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮২
লাহৰী ।

 ২য়,কানীয়া ।—“এৰা, কিন্তু, ৰামদেউৰ অনুগ্ৰহত, বোপা-দেউতাই, কিন্তু, বৰকৈ খোৱা নাই।”

  ধনবৰ ।—“হয়,ককাইহঁত,মই বৰকৈ খোৱা নাই। ঘৰত গৈ টলং-ভটং কৰিলে জানিব নহয়; সেই দেখি, মই গা চাই হে খাইছোঁ।”

 ৪ৰ্থ, কানীয়া৷—“তহঁতো, তাৰ-পৰিণামে, কিন্তু, ভাল আৰু! বোপা-দেউতাক,তাৰ-পৰিণামে, আমাৰ দুখীয়া ভেবা লৰাৰ নিচিনা, তাৰ-পৰিণামে, দেখিছ নে? কৃষ্ণদেৱক চিন্তি, বোপা-দেউতাক, তাৰ-পৰিণামে, আমি কি বুজনি দিবৰ লায়েক ।”

 ২য়, কানীয়া ৷—(ভাল কথকি বোলাই) “নহয়, কিন্তু, কথাটো হে—”

 এনেতে, শূলধৰ বৰগোহাঞিৰ প্ৰৱেশ ! তেওঁক মনে মনে কোনোবাই সম্ভেদ্ দিলেগৈ। শূলধৰ বৰগোহাঞিয়ে, সোধপোছ নাই, পোনেই সোমায়েই হাতৰ লাখুটীৰে সৈতে উধামুধাকৈ যাকে য'তে পালে, তাকে ত’তে টঙ্গনিয়াবলৈ ধৰিলে। কানীয়াহঁতে যেয়ে যেনিয়ে পাৰিলে, দুৱাৰ-বাৰ ভাঙ্গি পলাই-পত্ৰং মাৰিলে। ধনবৰ বোপা কিন্তু সবাত্‌কৈ আগ। তাৰ পাচত, শূলধৰ বৰগোহাঞিয়ে ঘৰলৈ আহি পুতেকক ডাবি-হুঁকি দি, সেই দুষ্ট মানুহবোৰক আঁতৰ কৰাবৰ নিমিত্তে কীৰ্ত্তিনাথ গোহাঞিদেৱৰে সৈতে পৰামৰ্শ কৰিবলৈ স্থিৰ কৰিলে। ধনবৰে এই কথা শুনি দেউতাকক কাকূতি কৰি, কীৰ্ত্তিনাথ গোহাঞিক এই কথা নজনাবলৈ টানি ধৰিলেহি। তেৱোঁ মান্তি হল। গতিকে, কীৰ্ত্তিনাথ গোহাঞিয়ে ধনবৰ বোপাৰ কানী-খোলাত বহাৰ বিষয়ে একো সম্ভেদ্ নাপালে। কীৰ্ত্তিনাথ গোহাঞিয়ে ইমান দিনে ধনবৰৰ সম্বন্ধে একো বেয়া কথা শুনা নাই; মুঠতে তেওঁ ধনবৰক শান্ত আৰু বৰ সজ স্বভাৱৰ লৰা বুলি হে জানে ৷