পৃষ্ঠা:লাহৰী.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮১
লাহৰী ।

ভকতসকলক শোধালেহি। কানীয়া ভকতসকলৰ মহা আনন্দ মিলিল৷ লৰালৰিকৈ যথাসময়ত পাণৰ চাকি যুগুত কৰা হল। এজনে গৈ চকুৰ টিপতে ঘৰৰপৰা ধনবৰক মাতি আনিলে। তাৰ পাচত,পাণৰ চাকি মাজতে লৈ, চাৰিপিনে চাৰি সিদ্ধ বহি, এপাশে ধনবৰ বোপা-দেউতাক দুতৰপীয়া কঠ এটাৰ ওপৰত বহুৱাই লৈ, পাণৰ চাকি পুৰিবলৈ আৰম্ভ কৰিলে৷ টিকিৰা পোৰাৰ লগে লগে কানীয়া-সত্ৰৰ মেল আৰম্ভ হল। যথা,—

 ১ম,কানীয়া ।—(দীঘলকৈ টান এটা মাৰি, ভলুকা বাঁহৰ হোঁকাটো ২য়, কানীয়াৰ হাতলৈ দি, কথাত মুখৰ ধোঁৱা উৰাই) “কোৱাঁ, আল্‌পতি, কোঁৱা কোঁৱা। আজি তেও বোপা-দেউতাৰ কিৰ্‌পাত্, উকেৰে পাণ চাকি পুৰি লোৱাঁ।”

 ২য়,কানীয়া ।—(আঙ্গঠাডোখৰ জোকাৰি জোকাৰি) “এৰা,ৰামদেউৰ অনুগ্ৰহত কিন্তু, বোপা-দেউতাৰ মূৰৰ চুলিৰ সমান কিন্তু আয়ুষ হক।”

 ৩য়,কানীয়া ।—(হাত লেচাৰি লেচাৰি) “নহয় বান্ধ, তাৰ-পৰা-তাপেনে-নামেনে, বোপা-দেউতাই ভাল ছোৱালী এটা পাওক।”

 ৪ৰ্থ,কানীয়া ।—(৩য়, কানীয়াৰ গাত ঠেলা এটা মাৰি) “থোৱাঁ হে মিতা, তাৰ-পৰিণামে, তুমিও বৰ কথাটো, তাৰ পৰিণামে, বিচাৰি পালাগৈ! কৃষ্ণদেৱক চিন্তি, তাৰ-পৰিণামে, বোপা-দেউতাৰ নো ছোৱালীৰ,তা ৰ-পৰিণামে, কি একাল লাগিছে।”

 ১ম,কানীয়া ৷—(ধোঁৱা এঢোকা পেটলৈ গিলি} “মই চাওঁতে অলে, লাৱৰী আইদেউৰেই বোপা-দেউতাৰ বাল যোৰা মিলিব।”

 ৩য়,কানীয়া ৷— “অ',বোপা-দেউতাক,তাৰ-পৰা-তাপেনে-নামেনে,বৰকৈ নুখুৱাবিহঁক। বোপাদেউতা, তাৰ-পৰা-তাপেনে-নামেনে, লৰা মানুহ; তাৰ-পৰা-তাপেনে-নামেনে, গাত বৰকৈ ধৰিব।”