পৃষ্ঠা:লাহৰী.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮০
লাহৰী

প্ৰথমে,দিনটোৰ ভিতৰত কাৰ ক’ত হানি কৰিব, কাক মাৰিব, কাক কিলাব, কাক ডকা দিব, কাক জগৰ লগাব, কাক জোকাব এইবিলাকেই হৈছে তেওঁৰ প্ৰধান চিন্তা। দিনটোৰ ভিতৰত নো ক'ত কিমান জগৰ লগাব, কিমান চুবুৰীয়াই মাক-বাপেকৰ ওচৰত গোচৰ দিবহি, তাৰ সীমা-সংখ্যা নাই। সকলোৱে ডাঙৰ মানুহৰ লৰা বুলি সহি থাকে। ধেমালি কৰা লৰাৰ ভিতৰতো তেওঁক কোনেও লগ দিব নোখোজে। কিন্তু লগ দিব নুখুজিলে বা হব কি?—যি কেইটাই লগ দিবলৈ আপত্তি কৰিব সিহঁতক মাৰি কিলাই খেদি দি তেওঁ বলেৰে দলত সোমাই লয়। গাঁৱৰ বোৱাৰী-জীয়াৰীয়ে ধনবৰক দেখিলে ওলাবলৈ ভয় কৰে। দেউতাকে বেয়া পায় বুলি মাথোন কোনেও একো নকয়। এই গতিৰেই চলি সদৌশেহত ধনবৰ কিছুমান দুষ্ট মানুহৰ সঙ্গত পৰিল! ধনবৰক অলপ উচটাই হে দিব লাগে, তেওঁ একেবাৰে জাঁপ মাৰি মূধৰ ছালত উঠেগৈ। সেই দুষ্ট সঙ্গত পৰি লাহে লাহে ডেকাই ভাং-কানিতো মাজে-সময়ে ধৰা হল। দুষ্ট মানুহবোৰে নিজৰ সুবিধা লাভৰ নিমিত্তে ধনবৰক ভাং-কানি খাবলৈ বৰকৈ উচটাবলৈ ধৰিলে। সিহঁতে কয়, “বোপা দেউতা ৷ আপোনাৰ নো কি নাইকিয়া হৈছে? ৰামদেউৰ কিৰ্‌পাত,আপোনাৰ সকলো আছে। আপোনাৰ পিতাকৰ ইমান ধন-সম্পত্তি নো কোনে খাব; এই দৰে অলপ সুখ নকৰিলে নো জীৱন ধৰাৰ সকাম কি?” এনেকুৱা উদগনি পালে ধনবৰে যেন স্বৰ্গ ঢুকি পায়। এই শলাগনি ফেৰিৰ নিমিত্তেই তেওঁ মাজে-সময়ে সিহঁতক ঘৰৰপৰা চুৰ কৰি নি দুই-চাৰি টকা যি পাৰে দিয়েগৈ। আৰু, এনেবিলাক মানুহৰে সৈতে হলে ধনবৰৰ বৰ মিল।

 এই দৰেই কিছুকাল গল। এদিন সেই কানীয়া-ভকতসকলে ধনবৰক লৈ ভালকৈ কানিৰ খোলাত বহিবৰ মন কৰিলে। ধনবৰক সেই প্ৰস্তাৱ শুনোৱা মাত্ৰকে,তেওঁ ঘৰলৈ গৈ যি পাৰে দহ-বাৰ টকা আনি কানীয়া