অসমীয়া উপন্যাস বুলিবলৈ আজিলৈকে এখনো পুথি ওলোৱা নাই। সেই অভাৱ আৰু দুৰ্ণাম গুচাবৰ মনেৰেই “লাহৰী” ৰচিবলৈ হাতত লোৱা হয়। কিন্তু পুথি ৰচনাৰ ফালে ৰচোঁতাৰ এয়ে পোন্-প্ৰথম উদ্যম,—এই “লাহৰী”য়েই তেওঁৰ মনে-পতা গ্ৰন্থাৱলীৰ লখিমী। এতেকে, ইয়াত যে অনেক আসোঁৱাহ ৰৈছে, তাক নকলেও হয়; গুণগ্ৰাহী ৰাইজে ন-লিখাৰুৰ দোষাদোষত নালাগি, সামান্য গুণৰ ভাগ গ্ৰহণ কৰিলেই লিখকে তেওঁৰ পৰিশ্ৰম সাৰ্থক হৈছে বুলি মানিব।
কোৱা বাহুল্য মাথোন যে, কলিকতাত প্ৰতিষ্ঠিত “ফুকন-মজিন্দাৰ” কোম্পানীৰ এজেঞ্চিয়ে পুথিখনৰ প্ৰথম তাঙৰণ পোহৰলৈ উলিয়াই নিদিয়া হলে, “লাহৰী” সতকাই পোহৰলৈ ওলোৱাৰ আশা নাছিল। সেই বাবে আমি সেই কোম্পানীৰ গৰাকী শ্ৰীযুত দুৰ্গানাথ শৰ্মা ফুকনদেৱলৈ এই ছেগতে আমাৰ শলাগৰ শৰাই আগ বঢ়াইছোঁ। ইতি—
১৫ আহিন ১৮১৪ শক। |
শ্ৰীপদ্মনাথ গোহাঞি বৰুৱা |
পাঁচ বছৰমানৰ ভিতৰতে ১ম তাঙৰণৰ “লাহৰী” প্ৰাহকক বিলাবলৈ নাইকিয়া হল। সেই কাৰণে, তাৰ পাচৰ দুবছৰমান আমি গ্ৰাহকৰপৰা তাগিদ সহিব লগাত পৰোঁ। তাৰ পাচত, এতিয়া বহু প্ৰবন্ধৰে এই দ্বিতীয় তাঙৰণ উলিৱা হৈছে। এই তাঙৰণৰ সংস্কাৰত পুথি কলেৱৰ আগতকৈ অলপ বাঢ়িল। গতিকে, পুথিৰ মূল্যও ৸৹ তিনিসিকিলৈ চৰিল। ইতি—
১৫ আহন ১৮২৩ শক। |