পৃষ্ঠা:লাহৰী.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৭৩
লাহৰী

গল। লাখ-টকীয়া ৰত্নেশ্বৰে আজি শ-টকীয়া লেঠা মাৰিব নোৱাৰি বাঁৰী-বাইৰ পিচে পিচে এমুৰীয়া ভগা-বহালৈ উভতিলে !

 পকা বন্দবস্তৰে সৈতে ৰত্নেশ্বৰে বাঁৰী-বাইৰ লগত গৃহবাস কৰি থকা ভালেমান দিন হল ৷ ৰত্নেশ্বৰৰ হাতত যি দুই-চাৰি টকা বাকী আছিল, তাক কুমন্ত্ৰণাৰ কৌশলেই অন্ত কৰিলে। পাচলৈ ৰত্নেশ্বৰে বাঁৰীক খুৱাওক ছাৰি নিজৰ দুসন্ধ্যা ভাতৰ নিমিত্তেই আৰ্জ্জন কৰিব নোৱাৰি তেওঁ মেমেৰা আৰু ৰুগীয়া হৈ পৰিল। ভালত হে ভাল; ৰত্নেশ্বৰৰ মন্দকাল চপাৰ লগে লগে তেওঁৰ ওপৰত বাঁৰী-বাইৰ চট্‌চটনি গালি-বৰষণিৰ কোবো চৰি আহিল। ওলাওঁতে চপনীয়া, সোমাওঁতে বগৰা, উঠোঁতে এলেহুৱা, বহোঁতে চুৱাখোৱা ইত্যাদি বাঁৰী-বাইৰ চোকা মাতৰ ধোঁৱাই ৰত্নেশ্বৰৰ কলিজা কলা কৰিলে। সদৌশেহত, তেওঁ নিজৰ প্ৰাণকে অসহনীয় বোধ কৰি, এদিন য’তে-ত’তে মৰোঁগৈ বুলি নিজানে নিজানে ৰত্নেশ্বৰৰ বাঁৰীৰ ঘৰৰপৰা বাজ হল৷ লাহদৈগড়ৰপৰ দুমাইলমান বাট আহি ৰত্নেশ্বৰৰ মনত সাহ হ'ল; প্ৰাণত নতুন বলৰ সঞ্চাৰ হল। তেওঁ নিজৰ গাঁৱলৈ, নিজৰ ঘৰলৈ যোৱা বাট ধৰাৰ লগে লগে, নিজৰ-ঘৰ-বাঁৰীৰ সোঁৱৰণীয়ে আহি তেওঁৰ মনত থিত্ ললে ৷ তেওঁ মনতে পাঙ্গিলে যে, সকলো কথা এৰি দি, এইবাৰ তেওঁ ভালকৈ ঘৰখন চপাই টনকিয়াল ভাৱে দিন নিয়াবগৈ ৷ এনে সুখৰ ভাবনাত উলাহিত হৈ ৰত্নেশ্বৰে যিমান বেগাই পাৰে ঘৰমুৱাকৈ খোজ ধৰিলে। এইদৰে দিনে-ৰাতিয়ে বাটকুৰি বাই দুদিনৰ মূৰত ৰত্নেশ্বৰ নিজৰ গাঁৱত সোমালগৈ। দিন-দুপৰত চাৰিসঁজীয়া লঘোনত ৰত্নেশ্বৰে নিজৰ ঘৰৰ ভেঁটিৰ ওপৰত আধাপোৰা খুঁটা-চতি আদি চাই তেওঁৰ ভোক-পিয়াহ গুচাবলগীয়া হ'ল ৷ এখনমান তামোল খাবৰ পৰ চোতালতে চৰগ্-পৰা মানুহৰ দৰে ঠৰ্ লাগি থাকি, ৰত্নেশ্বৰে উদাস ভাবত এটি উন্মাদী হাঁহি মাৰিলে ৷ হাঁহিল, ৰত্নেশ্বৰে আৰু সেই হাঁহিৰ ৰাগী মাৰ নিয়াব নোৱাৰিলে ৷ পোৰা-ঘৰৰ ভেঁটিটোতে চাৰি পাকমান ঘূৰি ৰত্নেশ্বৰে এটা অৰ্থশূন্য ঢেক্‌ঢেকনি মাৰি উত্তৰমুৱাকৈ ঘোঁৰাচুটি মেলি কলৈ গৈছেগৈ কেৱে কব নোৱাৰে, নিজেও নাজানে গৈছে কলৈ !