পৃষ্ঠা:লাচিত বৰফুকন.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

দ্বিতীয় গৰ্ভাঙ্ক।

শৰাইঘাট,—তুমুল ৰণ।

(পানীফুকন বৰতোপ আৰু হিলৈ মাৰিবলৈ সষ্টম হৈ আছে; নৰ্ত্তমে হাতত জ্যোতিষ পুথি লৈ ক্ষণ গণনা কৰিব লাগিছে।)

 পানীফুকন।—হাঁয়, মোগলৰ ৰণতৰী কল্‌কল্ কৈ উজাবই লাগিছে; সৌৱা, চৰিপ্‌খাঁ আহি আন্ধাৰুবালিৰ পোন্ পালেহি! আৰু ৰব নোৱাৰি। নোৱাৰি ৰব। বৰতোপ ওফৰাব লাগিল। হিলৈ মাৰিবলৈ হুকুম দিম এতিয়া।—হৈছে নে? হৈছে নে বাপু? ক্ষণ মিলিছে নে?

 নৰ্ত্তম।—নাই, নৌ মিলে; অলপ বাকী।

 পানী।— (উত্ৰাৱল হৈ) এতিয়াও বাকী! আমাৰ কাৰ্য্য়লৈ আৰু তেন্তে সময় বাকী নাথাকে। এটা মুহূৰ্ত্তৰ ফেৰত এতিয়া এখন ৰাজ্য যায়!

 নৰ্ত্তম।— (খঙ্গেৰে) ক্ষণ নিমিলিলে বলেৰে মিলাব পাৰি নে?

 পানী।—সৰ্ব্বনাশ! পালেহি, একেবাৰে গা পালেহি। ক্ষণ মিলাৰ আগেয়ে এতিয়া ধ্বংস মিলিব! নোৱাৰি, নোৱাৰি ৰব আৰু!

(চালপীৰাই সৈতে নৰীয়া লাচিত বৰফুকনক প্ৰৱেশ কৰোৱা হয়।)

 লাচিত।— (ব্ৰহ্মপুত্ৰলৈ আঙ্গুলিয়াই) লৈ যোৱাঁ, মোক একেবাৰে মাল নাৱত তুলি দিয়াঁগৈ। গণকৰ ক্ষণ মিলাৰ অপেক্ষাত আমাৰ সেনা-সেনাপতি সকলে ইমানতো চাই আছে! অহঃ, নিয়াঁ মোক, নাৱে সৈতে ভটীয়াই দিয়াঁগৈ; মোক মোগল সেনাপতিয়ে ধৰি বন্দী কৰি লৈ যাওক; আৰু মোৰ সেনা আৰু সেনাপতিসকলে চাই থাওক! স্বৰ্গদেৱলৈ বাতৰি যাওক, নৰিয়া-পাটীত পাই বৰফুকনক শত্ৰুৰে ধৰি নিলে; আমি দখল কৰা গুৱাহাটী আকৌ মোগলৰ হাতত পৰিল! হাঁয়, চন্দ্ৰ-দিবাকৰ থাকেমানে এই অখ্য়াতি থাকিল, থাওক! দিয়াঁ, দিয়াঁ, মোক ভটীয়াই দিয়াঁ।

(চালপীৰা নাৱত তুলি ভটীয়াই দিবলৈ নিয়া হল।)