পৃষ্ঠা:লাচিত বৰফুকন.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লাচিত বৰফুকন।

১। অঙ্ক।

(গীত গাই গাই দুফালৰপৰা দুই গায়িকাৰ প্ৰৱেশ)

প্ৰস্তাৱনা গীত।

ভূপালী—ঢিমা তেতালা।

বাজে আপুনি, পুৰণি বীণা, শুনি কি আবেগে আতুৰ প্ৰাণ।
ৰিণিকি ৰিণিকি, হিয়াত বাজিছে, পাহৰা সুৰৰ মধুৰ তান॥
উষাৰ কিৰণে, পুবে পোহৰোঁতে, আহি উঠি সুৰে মলয়া লগতে,
ওপচায় হিয়া, নতুন উলাহে;—গোৱা সকলোৱে জাতীয় গান॥

(গাই গাই দুই গায়িকা দুফালে প্ৰস্থান।)

(পট পৰিবৰ্ত্তন।)

প্ৰথম গৰ্ভাঙ্ক।

ৰাজবাট ।—ৰুগীয়া, দুখীয়া, মগনীয়া।

 ৰুগীয়া -- (লাখুটিত ভিৰ দি ৰৈ) হে মোৰ ঈশ্বৰ! মাৰি নিলেও ভাল আছে; কত নো লেলাত ভুঞ্জিম আৰু! গাৰ অৱস্থা এই, তাতে তিনি সঁজীয়া লঘোন; গোটেইখন ধূঁৱলি-কুঁৱলী দেখিছোঁ? উঃ ৰাম! (বহে)