চৰিপ্খা।–হয়, মোৰ বিবেচনাৰেও সম্প্ৰতি শৰাইঘাটে দি সোমোৱাটো হয় এৰিব লাগে, নহয় স্থগিত ৰাখিব লাগে।
ৰামসিংহ।–সেই ভাবিয়েই তো পাণ্ডুৰ ফালৰ গড় ভাঙ্গি গুৱাহাটী সোমাবলৈ চেষ্টা কৰা গৈছিল। সেই অৰ্থে, গড়ৰ তলত গোপনে বাৰুদ পুতি, তাত জুই দি, গড়ৰ এছোৱা উৰাই দিয়া হৈছিল। কিন্তু আচৰিত মানি লগীয়া কথা যে, যুঁজৰ দৰেই গড় বন্ধাতো পৈণত অসমীয়া সেনাবিলাকে ধোৱাতে লুকাই ভঙ্গা গড় তৎক্ষণাত আকৌ বান্ধি তুলিলে! এই সম্পৰ্কতো লাচিত বৰফুকনৰ চোৰাংচোৱা নিয়োগ কাৰ্য্য শলাগিব লগীয়া।
অজিত।–লাচিত বাস্তৱতে এজন অসাধাৰণ ৰণ-পণ্ডিত।
চৰিপ্।-সঁচা, তেওঁৰ কিছুমান অসাধাৰণ কাৰ্য্য দেখি স্তম্ভিত হব লগা হৈছে। লাচিত এজন অসামান্য ৰণ-পণ্ডিত।
ৰামসিংহ।-সেইবোৰ যি হওক, এতিয়া মোৰ বিবেচনাত আমি আকৌ প্ৰথমে লঠিয়াৰ ফালৰপৰা, তাৰ পাচত দৰঙ্গৰ সীমাই দি গুৱাহাটী সোমাবলৈ একোটা হেঁচা দি চোৱা উচিত। তাতে যদি কৃতকাৰ্য্য হব পৰা নাযায়, তেন্তে সম্প্ৰতিকলৈ আমি দলিবাৰীত কোঁঠ মাৰি, গোপনে অসমীয়া ৰণবলৰ গতি-বিধি বুজি বাৰিষাটো পাৰ কৰা উচিত হব।
চৰিপ্।-উত্তম ব্যবস্থা। লঠিয়া আৰু দৰঙ্গৰ সীমাই দি আমি গুৱাহাটী সোমাব পাৰোঁ বা নোৱাৰোঁ, দলিবাৰীত কোঁঠ মাৰি, বহিব পাৰিলে, খৰালি নহয়মানে আমি তাতে সুবিধাকৈ ৰব পাৰিম।
ৰামসিংহ।-আচ্ছা, আপাততঃ সেয়ে স্থিৰ হল।-অজিত!
অজিত।-হজুৰ!
ৰামসিংহ।-যাবৰ হল।
অজিত।-বহুত আচ্ছা, হজুৰ।
(সকলোৰে প্ৰস্থান)
⸻000⸻