পৃষ্ঠা:লাচিত বৰফুকন.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১০
লাচিত বৰফুকন।

 নৰ্ত্তম।—হৈছে কি!—তাকো নাজানা নে?

 মাধৱ।—এঃ, নাজানো দেখি তো সুধিছোঁ! জানিলে হবলা সোধে? তুমি তো ভোঁ-ভোঁ পণ্ডিত দেখিছোঁ! বাৰু, কোৱাঁচোঁ কি হৈছে? কিহৰ উৎসৱ এইখন?

 নৰ্ত্তম।—তাকে তো কৈছোঁ, বোলো, আজি কামাখ্যা মাইৰ পীঠত ম’হ বলি পৰিছে বুলি নাজানা হবলা?

 মাধৱ।—উঃ, সেই একেটা কথাকে নেৰে! জানিলে নো সুধিম কিয়, ইয়াৰো বোধ নাই নে?—তুমি পণ্ডিত নে মুৰ্খ? দেখাত হলে ভোঁ-ভোঁ,— দিঙ্গিত লগুণ, কপালত ফোঁট, কাষলতি-তলত পুথি, হাতত পাঁজি,—গোটেই বিচক্ষণ পণ্ডিতৰ লক্ষণ!

 নৰ্ত্তম।— (খঙ্গত জলি উঠি) পণ্ডিত নহয়, মূৰ্খ নে কি? ৰাজ-গণক কেতিয়াবা কোনোবা দেশত মূৰ্খ হব পাৰে নে?

 মাধৱ।—(স্বগতঃ) অ, বুজিলোঁ, এৱোঁ আমাৰ সেই ৰণৰ ক্ষণ গণা গণকৰে এজন। ভালেই হৈছে, সুবিধাকৈ পোৱা গৈছে। এই ছেগত মোৰ গুপ্ত ফন্দটো এফেৰি খেও খুৱাই লবলৈ বেচ চল লাগিছে। ( ফুটাই ) বোলোঁ, খং নকৰিবাচোন, কথাটো হে কৈছোঁ। বামুণ-দৈবজ্ঞৰ দৰে টিকনিৰ আগতে খং এওঁৰো! বাৰু, যাওক সেইবোৰ কথা, কোৱাচোঁ কাৰ বলি? কোনে দিছে?

 নৰ্ত্তম।—কিয়? নাজানাঁ?'—আমাৰ ৰাইজৰ বলি। আমি সদৌ প্ৰজাবৃন্দে মিলি দিছোঁ।

 মাধৱ।—কাৰ হৈ? কি উদ্দেশ্যে?

 নৰ্ত্তম।—কিয়, আমাৰ ৰজাৰ হৈ। আমাৰ আহোমৰাজে কামপীঠৰ অসমীয়া প্ৰজাক মোগলৰ হাতৰপৰা উদ্ধাৰ কৰিবলৈ ৰণ দিছে। সেই মহাৰণত আমাৰ স্বৰ্গদেৱৰ জয় হব লাগে, মোগল-ৰাজৰ হাতৰপৰা কামপীঠ উদ্ধাৰ

হব লাগে, সেই উদ্দেশ্য়ে বলি দিয়া হৈছে।