ৰচিদ্।—ভাবি চাই হে কৈছোঁ, মোৰ ফেৰিয়াফেৰিত একো ব্যৰ্থ হোৱা
নাই, মোৰ পৰামৰ্শ নোলোৱাত হে সকলো ভ্ৰষ্ট হৈছে। মই ইয়াতে থানাদাৰী
কৰি অতকাল কটালোঁ, এই ঠাইৰ আও-ভাও মই নাজানো, আপুনি কালি
আহিয়েই বেচি জনা হলহি!
ৰাম।—কি কোৱাঁ! মই এই ঠাইৰ হাল নুবুজা-নজনাকৈ এই মহাৰণ চলাইছোঁহি?
ৰঘু।—কিয় হব তেনে কথা; আপুনি আহিবৰেপৰা আহোমৰ কোঠ লবলৈ যিবিলাক বিচক্ষণ উপায় উদ্ভাৱন কৰি ৰণ-কৌশল তৰিব লাগিছে, ৰণস্থলৰ হাল নুবুজাকৈ কোনে তেনে কৰিব পাৰে?
ৰাম।—ভাবি চোৱাঁ, তেজপুৰৰ ওৰচত লগা ৰণত জিকি যেতিয়া মোৰ দিহা মতে আমাৰ ফৌজে শত্ৰুৰ ৰণতৰী আক্ৰমণ কৰেগৈ, তেতিয়া ৰচিদখাঁৰ বাধা-বিঘ্ন হেতুকেই তাত জয় লাভ কৰিব নোৱাৰিলোেহঁক; তাৰ পাচত যেতিয়া ৰংমহলৰ কোঁঠ আক্ৰমণ কৰিবলৈ দিহা দিওঁ, তেতিয়াও এওঁৰ ফেৰিয়াফেৰিতে আমাৰ উদ্দেশ্য ভ্ৰষ্ট হয়। এই দৰে আৰু কেইবাটাও মোৰ সদুপায় এওঁ নষ্ট কৰিছে। এওঁৰপৰা ৰণত লাভ নহৈ বিস্তৰ ক্ষতি হে হৈছে দেখিছোঁ।
ৰচিদ্।—ক্ষতি হৈছে যদি, মোক পঠিয়াবৰে দৰ্কাৰ নাছিল।
ৰাম।—নাছিল তো দৰ্কাৰ। এতিয়াও দৰ্কাৰ নাই। তুমি ২৪ ঘণ্টাৰ ভিতৰত ভটীয়াই গুচি যোৱাঁগৈ। নহলে, ৰঘুনাথ, এওঁৰ তমীঘৰৰ ফঁয় কাটি উঠাই দিবাঁ।
(খঙ্গেৰে প্ৰস্থান।)
ৰচিদ্।—বাৰু, আমিও যাবলৈ হে প্ৰস্তুত। একো কথা নাই। বাৰু, বলা যাওঁ এতিয়া। ৰামসিংহ কিমানলৈ তম্ভে ময়ো দেখিম।
(ৰচিদ্ আৰু ৰঘুনাথৰ প্ৰস্থান; ৰামসিংহ চিন্তাযুত।)