অজিত।—আৰু এটা কথা আপোনাক জনাম বুলি ভাবি আহিছিলোঁ।
ৰামসিংহ।— কি? কৈ যোৱাঁ।
অজিত।— গোপনে হে কওঁ।
ৰামসিংহ।—বাৰু।
অজিত।—শুনি আহিলোঁ, আমাৰ ৰচিদ্খাঁ হেনো মানুহ ঠিক নহয়। এওঁ অসমত অগেয়েও বহু দিন আছিল। মই সিবাৰ আহোঁতে তেওঁক ইয়াতে পাই গৈছোঁ।
ৰামসিংহ।—পিচে, কি হল নো?
অজিত।—অসমত বেচি দিন থকাৰ বাবেই বোধ কৰোঁ অসমীয়া মানুহৰ লগত তেওঁৰ ভাব দোচোৰা।
ৰামসিংহ।—কেনে নো দোচোৰা ভাব?
অজিত।—লাভ দেখিলে সিফালেও পেট দিয়ে।
ৰামসিংহ।—(গমি চাই) হব পাৰে। মোৰ কাণত আন ফালৰপৰাও এনে কথা পৰিছেহি। আমি দিল্লীতে ৰচিদ্খাঁৰ নীচতাৰ বিষয়ে বিস্তৰ শুনিছিলোঁ; আৰু সেই কাৰণেই পাটচাহে তেওঁক অসমৰপৰা ফিৰাই নি ফিৰুজখাঁক গুৱাহাটীৰ থানাদাৰ পাতি পঠায়। এতিয়াও তেওঁ সেই স্বভাৱ এৰিব পৰা নাই, কেৱল মোৰ লগে-লগে ৰখাৰ কাৰণে হে পাক-চক্ৰত ফুৰিবলৈ চল পোৱা নাই। অ, সেই কাৰণে হে বোধ কৰোঁ মোৰ আদেশ তেওঁ তামিল কৰাত প্ৰায় গহৰি কৰে; আৰু মুখে-মুখে জবাব দিবলৈ বিচাৰে। বাৰু, দেখোঁ আৰু কিছু দিন। কিন্তু তুমি তো বৰ হুঁচিয়াৰ দেখিছোঁ। পাক এটা দি আহোঁতেই ইমানবোৰ সম্ভেদ্ লব পাৰিলাঁ!
অজিত।—হজুৰ! কৰ্ত্তব্যত ফুৰিলে হুঁচিয়াৰ হবই লাগিব। নহলে নো মোৰপৰা চৰকাৰৰ কি উপকাৰ হব?
ৰামসিংহ।—ঠিক। চীখ চিপাহীবিলাক এই বিষয়ত বৰ ঠিক। সেই