(গন্ধৰ্ব্বৰে সৈতে পানীফুকনৰ প্ৰৱেশ )
পানী—ডাঙৰীয়া ওলোৱা নাই হবলা?
মাধৱ।—বতৰা গৈছে হে, মোগল সেনাপতিৰ দূত এজনেও পত্ৰ এখন লৈ ৰখি হে আছেহি।
গন্ধৰ্ব্ব।—কোন জন? ক’তা?
মাধৱ।—সেয়া। ছাঁতে ৰৈ জিৰাইছে। সৌৱা, সৌ চীখ চিপাহীটোৱেই।
(লাচিত বৰফুকনৰ প্ৰৱেশ)
লাচিত।—ক’তা? মোগলৰ দূত কেনি গল?
মাধৱ।—সৌৱা। বাৰু, মই মাতি আনোগৈ। (মাধৱৰ প্ৰস্থান)
চন্দ্ৰ।— দূত আহিবৰ ভালেখিনি পৰ হল। বপুৰা বৰ নিৰ্জ্জু মানুহটি!
লাচিত।—নিৰ্জ্জু নহয়, স্থিৰমতি। সেইটো সিফালৰ সৈনিক শিক্ষাৰ গুণ।
(মাধৱৰ পিছে পিচে অজিতসিংহৰ প্ৰৱেশ)
মাধৱ।— ( অজিতসিংহক ভেঁটাই দি ) এখেতেই আমাৰ বৰফুকন বৰসেনাপতি ডাঙৰীয়া।
অজিত।—চিনি পাইছোঁ। ( সৈনিকৰ চেলাম দি পত্ৰ আগ বঢ়াই দি ) দিল্লীশ্বৰৰ প্ৰধান সেনাপতি ৰজা ৰামসিংহই ডাঙৰীয়ালৈ এইখন পত্ৰ দি পঠিয়াইছে।
লাচিত।—বাৰু, দিয়াঁ। ( পত্ৰ গ্ৰহণ কৰে; আৰু পঢ়ি ক্ষন্তেক গভীৰ ভাৱে চিন্তা কৰি চাই ) তোমাক ইয়াৰ উত্তৰ এতিয়াই লাগে নে?
অজিত।—হয় হজুৰ! জবাব দিলে নিব পাৰোঁ, নহলে হজুৰে পঠিয়াই দিবও পাৰে।
পানী।—ডাঙৰীয়া! উত্তৰ পাচেকৈ পঠিয়ালেও নহব জানো?
লাচিত।—হব। পাচেকৈ আমাৰ দূতে লৈ যোৱা হে উচিত। ( অজিতৰ প্ৰতি ) বাৰু, পত্ৰৰ উত্তৰ পাচেকৈ আমাৰ দূতে লৈ যাব। সেনাপতি
ৰজাদেওক আমাৰ চালাম দিবাগৈ।