হব পাৰে, কিন্তু অকামিলা নহয়। ইতিপূৰ্ব্বে কলিয়াবৰৰ ১ম আৰু ২য় যুদ্ধ, দিকৰাইমুখৰ যুদ্ধ, শ্ৰীঘাটৰ যুদ্ধ, এই কেইখন ৰণতে অসমীয়া সেনাৰ পৰাক্ৰম আমাৰ ভালকৈ জনা আছে; কলিয়াবৰৰ দুয়োখন ৰণতে কানে- কানমাৰিয়ে হে আমাৰ মান ৰক্ষা পৰিছিল; দিকৰাইমুখৰ ৰণত আমাৰ তবেক হেন বীৰক বিহ্বল কৰি তুলিছিল; আন কি, সেই ৰণত অহোম মহিলায়ো ৰণত প্ৰাণ দিছিল; শ্ৰীঘাটৰ যুদ্ধত আমাৰ সত্ৰাজিত আৰু আবাবাকৰ নিচিনা যোদ্ধা অসমীয়াৰ হাতত ৰণত পৰিল আৰু আব্দুল চালামৰ নিচিনা তেজী যোদ্ধাকো ৰণত পৰান্মুখ কৰি অসমীয়াই বন্দী কৰি আমাক পৰাভূত কৰিলে; মিৰজুম্লাৰ আক্ৰমণৰ ফলো তথৈবচ; সেই বাৰ আমাৰ লগত সন্ধি স্থাপিত নোহোৱা হলে, মিৰজুম্না যে তাত দুই-এক বছৰতকৈ বেচি কাল টিকিব পাৰিলেহেঁতেন মোৰ এনে বোধ নহয়। এইবিলাকেই আহোম পৰাক্ৰমৰ জলন্ত প্ৰমাণ। গতিকে, অহম- ৰাজক্ষমতাক ভাৰতবৰ্ষৰ ভিতৰত এটা বৰ দুৰ্জ্জয় ক্ষমতাৰূপে গণ্য কৰি, সেই অনুযায়ী আয়োজনেৰে হে আমাৰ যুদ্ধ-যাত্ৰা কৰা বাঞ্ছনীয়। আৰু, মোৰ বোধেৰে, জাহাপনাৰ অনুমতি হলে, আজিয়েই সেনাপতি নিৰ্ব্বাচন আৰু যুদ্ধ-যাত্ৰাৰ সিন্ধান্ত হৈ যাব পাৰে।
আওৰেংজেব।—হওক, এতিয়াই হৈ যাওক। আমি আগ্ৰহেৰে অনুমতি দিছোঁ। এক মুহুৰ্ত্তৰ বিলম্বও সহ্য় নহয়।
উজিৰ।— মোৰ বিবেচনাৰে আমাৰ সুদক্ষ সেনাপতি ৰজা ৰামসিংহক এই যাত্ৰাত ঘাই সেনাপতিৰ বাব দিয়া যুগুত। অম্বৰাধিপতি জয়সিংহৰ পত্ৰ ৰামসিংহ এজন বিখ্যাত যোদ্ধা।
আওৰেংজেব।—উচিত বিবেচনা। এই প্ৰস্তাব গ্ৰহণ কৰি ৰজা ৰামসিংহক আমি ঘাই সেনাপতিৰ বাব দিলোঁ। সৈন্য-সামন্ত আৰু পালি সেনাপতি সমুদায় তেওঁৰ বাছনি মতে দিয়া যাওক। আৰু, মোৰ বক্চিচ্,
স্বৰূপে তেওঁক এটা ঘোঁৰা আৰু এখন হীৰাপতোৱা তৰোৱাল দিয়া হওক।