পৃষ্ঠা:লাচিত বৰফুকন.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭৮
লাচিত বৰফুকন।

জিনিম শত্ৰুক, —পৰিম নতুবা—
 ৰজাৰ আদেশ হইছে আগ;
ৰাজভক্তি পণ, প্ৰাণত আমাৰ,
 জীৱন সৰ্ব্বস্ব কৰিম ত্যাগ।
লক্ষ্য ৰণ জয়, লক্ষ্য দেশোদ্ধাৰ,
 অসম আমাৰ জনম ভূমি;
এই তিনি ধ্যান, নাই অন্য কাম,
 জিনিম মোগল নিশ্চয় আমি ॥

 

⸻*⸻

দ্বিতীয় অঙ্কপাত।

জিৰণিৰ পটক্ষেপন।

⸻*⸻