পৃষ্ঠা:লাচিত বৰফুকন.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭৭
লাচিত বৰফুকন।

 সকলোৱে।—জয়, স্বৰ্গদেৱৰ জয়! জয় লাচিত বৰফুকনৰ জয়!

(পটৰ চৌপাশে ঘূৰি ঘূৰি সৈন্য-সেনাপতি সৈনিক খোজেৰে গীত গায়)

সৈনিক সঙ্গীত।

আহাঁ আহাঁ ভাই, সকলোৱে মিলি,
 জনম ভূমিৰ উদ্ধাৰ সাধোঁ;
জনম ভূমিৰ, উদ্ধাৰ কাৰণে,
 সন্তানে জীৱন উছৰ্গা কৰোঁ ॥
একে অসমৰ, এছোৱা যৱনে,
 বলেৰে দখল কৰিছে চোৱাঁ;
একে অসমীয়া, এভাগ প্ৰজাই,
 দেখিছোঁ সদায় চকুলো টোকা।
এতেকতে এবে, কৰ্ত্তব্য আমাৰ,
 উদ্ধাৰোঁ সত্বৰে স্বজাতি ভাই ;
উদ্ধাৰোঁ সত্বৰে, জনম ভুমিৰ
 যৱনে যি ছোৱা পীড়িছে হাঁয় ॥
ৰাজভক্তি গুণে, অসমীয়া জাতি,
 সবাৰো আগত জিলিকে আজি;
বিজয় পতাকা, ৰজাৰ আমাৰ
 উৰাম,—আহিছোঁ ৰণুৱা সাজি।
বীৰ প্ৰসৱিনী, অসম জননী,
 লাচিত আমাৰ অসম বীৰ;
এনে মহাবীৰ, যাৰ সেনাপতি,
 কি ভয়, কি ভয়,—জিনিম স্থিৰ ॥