পৃষ্ঠা:লাচিত বৰফুকন.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬৭
লাচিত বৰফুকন।

ইবিলাক দুজন এতিয়াৰেপৰা ৰাজ্যৰ শান্তি ৰক্ষাত লাগি যাওক; আমি তিনিজনে ৰণ-বিষয়ত একান্ত মনোযোগ দিওঁহঁক, কি বোলাঁ?

 কেইওজনে।—হৈছে, স্বৰ্গদেৱ! অতি উত্তম বিধান।

 ৰজা।—বেচ কথা। যোৱাহঁক, এতিয়া ঘৰঘৰি হৈ, নিজ নিজ ভাগৰ

কাৰ্য্যালোচনাত ধৰাগৈহঁক। আমিও উঠোঁ।

(সকলোৰে প্ৰস্থান)


তৃতীয় গৰ্ভাঙ্ক।

গুৱাহাটী,—বৰফুকনৰ বাহৰ!

(পিজলা গাভৰু আৰু কেতেকী)

 কেতেকী।—সেই ডেকা বিষয়াজনে মোক লগ পালেই সোধে।

 পিজলা।—কি সোধে? কোনে সোধে?

 কেতেকী।—আইদেউৰ কথাকে সোধে। সেই ডেকা বিষয়াজনে।

 পিজলা।—কোন্ ডেকা বিষয়াৰ কথা কৈছ অ কেতেকী বাই?

 কেতেকী।—এ, আই? ইমানতো নুবুজিলে নে আপুনি? সেই, বোলোঁ, সেই ডেকা বিষয়াজন। সেই, সেই যে, এঃ বাকলি, সেই চিটিকণ যে দিছিলে মোৰ হাতত।

 পিজলা।—(লাজত তলমূৰ কৰি) ওঁ, বাৰু, বুজিছোঁ। কি সোধে?

 কেতেকী।—তাকে সোধে। চিটিকণৰ কথাকে কয়।

 পিজলা।—( হাঁহি হাঁহি ) কি কয়?

 কেতেকী।—কয় আৰু কয়। বোলে চিটিকণ পাই আইদেৱাৰাই খং কৰিছে নে কি?

 পিজলা।— (মিচিকিয়াই) পিচে?